newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপ-মুখ্যমন্ত্ৰী মণিষ সিসোডিয়া, স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে ৰাজভৱনত ধৰ্ণ কাৰ্যসূচী পালন কৰাৰ ৬ দিন অতিক্ৰম কৰিলে৷

মণিষ সিসোডিয়া আৰু আৰু সত্যেন্দ্ৰ জৈনে অনিৰ্দিষ্টকালীন ধৰ্ণা ইতিমধ্যে আৰম্ভ কৰিছে৷ যোৱা ৬দিন ধৰি এখন ৰাজ্যৰ শাসকীয় দলে প্ৰতিবাদ কৰি থকাৰ পিছতো উপ-ৰাজ্যপাল তথা কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ আলোচনাত বহাৰ বাবে ৰাজি হোৱা নাই৷ তাৰ মাজতে দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰ আৰু দলে সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিছে দেশৰ বিভিন্ন দল আৰু নেতাৰ৷ 

শনিবাৰে দেশৰ ৪গৰাকী প্ৰভাৱশালী মুখ্যমন্ত্ৰীয়ে দিল্লীত উপস্থিতি হৈ গণতন্ত্ৰ ৰক্ষাৰ বাবে অৰবিন্দ কেজৰিৱালক সমৰ্থন কৰে৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী আৰু কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰত উপস্থিত হৈ পত্নীৰ সৈতে বহু সময় আলোচনাত মিলিত হয়৷

চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিবৰ বাবে সময় বিচাৰিছিল যদিও উপ-ৰাজ্যপালে সাক্ষাৎ কৰিবলৈ অনুমতি নিদিলে৷ তাৰ পিছত এখন পত্ৰ যোগে উপ-ৰাজ্যপালক সাক্ষাৎ কৰিবৰ বাবে সময় বিচাৰে যদিও অনুমতি নিদিলে উপ-ৰাজ্যপালে৷

ইয়াৰ পিছতে চাৰিগৰাকী মুখ্যমন্ত্ৰীয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰি উপ-ৰাজ্যপালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি দিল্লীৰ আম আদমি পাৰ্টিৰ চৰকাৰক কাম কৰিব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷ কেন্দ্ৰ আৰু ৰাজ্যই লগ লাগি কাম কৰিব লাগে বুলি কৈ দিল্লী চৰকাৰক কাম কৰিবলৈ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়৷

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিবলৈ অহা বুলি কৈ প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি সমস্যা সমাধান কৰিব লাগে বুলি কয়৷

মমতা বেনাৰ্জীয়ে কয় যে আমি অৰবিন্দক সমৰ্থন কৰিবলৈ আহিছোঁ৷ এয়া লজ্জাজনক যে এগৰাকী উপ-ৰাজ্যপালে আমাক সাক্ষাৎ কৰিবলৈ কেইটামান মিনিট নিদিলে৷ দিল্লী চৰকাৰৰ কাম ৪ মাহৰ পৰা পৰি ৰৈছে৷ কিছুমান কথা ৰাজনীতিৰ ওপৰত৷ প্ৰধানমন্ত্ৰীয়ে এই বিষয়ত হস্তক্ষেপ কৰক আৰু সমস্যা সমাধান কৰক৷ যদি ৰাষ্ট্ৰপতি দেশত থাকিল হেতেনন তেন্তে আমি ৰাষ্ট্ৰপতিক এই বিষয়ত সাক্ষাৎ কৰিলোহেতেন বুলি কয় মমতাই৷

মমতাই আৰু কয় ‘‘আমি কাৰোৰে বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব খোজা নাই৷ আমি বিষয়টো সমাধান কৰিব খুজিছোঁ৷ দিল্লীত ২ কোটি মানুহ আছে৷ বিগত ৪ মাহ ধৰি কাম স্তদ্ধ হৈ পৰিছে৷ এয়া সাংবিধানিক সংকট৷ কিন্তু এনে সংকত কেতিয়াও হ’ব নালাগে৷ যাৰ দ্বাৰা এখন চৰকাৰ আৰু জনসাধাৰণে ভূগিব লগা হয়৷’’ অৰবিন্দ কেজৰিৱালে চাৰি মুখ্যমন্ত্ৰীক ধন্যবাদ যাচে সমৰ্থন কৰাৰ বাবে৷ আনহাতে পাটিদাৰ আন্দোলনৰ নেতা হাৰ্দিক পেটেলে টুইট কৰি অৰবিন্দ কেজৰিৱালৰ আন্দোলনক সমৰ্থন কৰে৷

উল্লেখ্য যে, দিল্লীৰ উপ-ৰাজ্যপালে কেইবাখনো বিধেয়কত স্বাক্ষৰ নকৰাৰ ফলত আইনত পৰিণত নোহোৱাত নাৰাজ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আমি পাৰ্টিৰ কেইবাগৰাকী বিধায়কে ধৰ্ণাত বহিছিল উপ-ৰাজ্যপালৰ কাৰ্যালয়ত৷

দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ 

প্ৰায় ছয়টা দিন দিল্লীৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নেতৃত্বত ধৰ্ণাত বহাৰ পিছতো ৰাজ্যপালে সৌজন্যতাৰ খাতিৰতো সাক্ষাৎ কৰা নাই চৰকাৰ চলাই থকা দলটোক তথা শাসকসকলক৷ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে দিল্লীবাসীৰ সমস্যা সমাধান কৰিবৰ বাবে ৰাজ্যপালে বিধেয়কত স্বাক্ষৰ কৰিব লাগে নতুবা কাম কৰাৰ অনুমতি দিব লাগে৷ অনিৰ্দিষ্টকালীন ধৰ্ণা অব্যাহত থকাৰ সময়তে বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে৷ আম আদমি পাৰ্টিৰ পদকে অনুসৰণ কৰি বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীক পুনৰ কাৰ্যালয়লৈ উভতি অহাৰ দাবীত বিজেপি বিধায়কে ধৰ্ণাত বহে৷

বুধবাৰে মিডিয়াত প্ৰকাশ পোৱা এখন ফটোত দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বিজেপি বিধায়কসকলে গভীৰ নিদ্ৰাৰত অৱস্থাত দেখা যায়৷ আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী সহ বিধায়কসকলে ৰাজ্যপালক কাৰ্যালয়ত চোফাত শুই থকা ফটো পোহৰলৈ অহাৰ সময়তে বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মজিয়াত শুই থকা ফটো পোহৰলৈ আহে৷

আম আদমি পাৰ্টিৰ দৰেই বিজেপিয়ে ধৰ্ণাত বহে৷ যাৰ ফলত ৰাজনীতিৰ গৰম বতাহ বলিব আৰম্ভ কৰিছে দিল্লীত৷ এতিয়া ধৰ্ণাৰ ৰাজনীতি আৰম্ভ হৈছে দিল্লীত৷ বিজেপিয়ে ধৰ্ণাত বহাৰ ফলত একাংশ লোকে কেজৰিৱালে গৈ থকাৰ পথেৰে বিজেপিয়ে যাব বিচৰা বুলি কটুক্তি কৰা পৰিলক্ষিত হৈছে৷