ডিজিটেল ডেস্কঃ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে দেশৰ বিৰোধীয়ে৷ শুকুৰবাৰে দেশৰ বিৰোধীয়ে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক সাক্ষাৎ কৰি এই বিষয়ে আৰ্জি দাখিল কৰে৷ জানিব পৰা মতে, কংগ্ৰেছ নেতা বিৰোধী দলপতি গোলাম নবী আজাদে শুকুৰবাৰ বিৰোধীৰ বৈঠকৰ অন্তত ৭১গৰাকী সাংসদৰ স্বাক্ষৰ সহ অবিশ্বাস প্ৰস্তাৱৰ আৰ্জি দাখিল কৰে৷ 

ৰহস্যজনক মৃ্ত্যুক আকোৱালি লোৱা চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বিএইচ লোয়াৰ তদন্তৰ আবেদন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে কংগ্ৰেছ আৰু আন আন বিৰোধী দলে শুকুৰবাৰে সষ্টম হৈ পৰে৷ তাৰ পিছতে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক পদৰ পৰা অপসাৰণ দাবীত ৰাজ্য সভাক প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছ, এনচিপি, চিপিআইএম, চিপিআই, এছপি, বিএছপি আৰু মুছলিম লীগে৷

কিহৰ বাবে বিৰোধীয় ডাঙৰ সিদ্ধান্ত ললে৷ ৫টা কাৰণ পঢ়ক

(১) মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে ব্যৱহাৰক লৈ অভিযোগ উত্থাপন কৰে বিৰোধীয়ে৷ কংগ্ৰেছ আৰু আন আন বিৰোধীয়ে দীপক মিশ্ৰই পদ অনুযায়ী ব্যৱহাৰক লৈ অভিযোগ উত্থাপন কৰে৷ দীপক মিশ্ৰই যেতিয়াৰ পৰাই মুখ্য ন্যায়াধীশ পদ লাভ কৰিছে তেতিয়াৰ পৰাই তেওঁৰ কাম কাজ কৰাৰ পদ্ধতিত প্ৰশ্ন উত্থাপন হৈ আহিছে বুলি কৈ বিৰোধীয়ে বহু গোচৰত উচ্চতম ন্যায়ালয়ৰ আন আন জ্যেষ্ঠ ন্যায়াধীশৰ ৰায় নলয় বুলি কয়৷  

(২) বিৰোধীয়ে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ৰষ্টৰত নিজ ইচ্ছামতে সালসলনি কৰাৰ অভিযোগ উত্থাপন কৰে৷ বহু গোচৰ ইখন বেঞ্চৰ পৰা সিখন বেঞ্চলৈ কোনো কাৰণ নোহোৱাকৈ ন্যায়াধীশৰ অনুমতি অবিহনে হস্তান্তৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ যি সমূহ গোচৰ আন এখন বেঞ্চত শুনানি চলি আছিল৷ মাষ্টৰ অৱ ৰষ্টৰৰ জৰিয়তে বহু গোচৰ নিজৰ বেঞ্চলৈ লৈ অহাৰো অভিযোগ উত্থাপন হয়৷ 

(৩) গোচৰৰ ভাগ-বতৰা কৰাত ন্যায়াধীশৰ ক্ষেত্ৰত ভেদভাব কৰাৰ অভিযোগ উত্থাপন কৰে৷ চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বিএইচ লোয়াৰ মৃত্যুৰ গোচৰৰ শুনানি কনিষ্ঠ ন্যায়াধীশক লবলৈ দিয়া বুলি অভিযোগ উত্থাপন কৰে৷ বিগত জানুৱাৰীত এই অভিযোগ ৪গৰাকী ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰি কৰিছিল৷  

(৪) ভূমি অধিগ্ৰহণৰ অভিযোগ উত্থাপন কৰে বিৰোধীয়ে৷ বিৰোধীৰ মতে, দীপক মিশ্ৰই ১৯৮৫ চনত অধিবক্তা হৈ থকা কালত ভুৱা কাগজেৰে ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপন আছে৷ উপায়ুক্তই ভূমি আৱণ্টন ৰোধ কৰাৰ পিছতো ভূমি অধিগ্ৰহণ কৰাৰ অভিযোগ কৰিছিল বুলি কয় বিৰোধীয়৷ ২০১২ চনত উচ্চতম ন্যায়ালয় পোৱাৰ পাছত সেই ভূমি এৰি দিব লগা হৈছিল৷

(৫) এডুকেচন ট্ৰাষ্টৰ জৰিয়তে মুনাফা লাভ কৰাৰ প্ৰশ্ন উত্থাপন কৰে৷ দীপক মিশ্ৰই এডুকেচন ট্ৰাষ্ট সন্দৰ্ভৰ গোচৰৰ আবেদনকাৰীৰ প্ৰশাসনিক আৰু ন্যায়িক প্ৰণালিত প্ৰভাৱিত কৰিছে বুলি কয় বিৰোধীয়ে৷ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই এডুকেচন ট্ৰাষ্টৰ সমূহ গোচৰৰ শুনানি অনুষ্ঠিত কৰা বেঞ্চৰ নেতৃত্ব নিজে লৈ আছে৷ তাৰ দ্বাৰা কোড অৱ কণ্ডাক উলংঘন হৈছে বুলি কয় বিৰোধীয়ে৷