গুৱাহাটীঃ প্ৰাকৃতিক সৌন্দৰ্য আৰু জীৱ-বৈচিত্ৰৰ ফালৰ পৰা অসম এখন চহকী দেশ৷ কিন্তু পৰ্যটনৰ ক্ষেত্ৰত এতিয়াও সিমান দূৰ আগবাঢ়িব পৰা নাই অসমে৷ ভাৰতৰ অন্য প্ৰান্তৰ দৰে পৰ্যটনৰ ক্ষেত্ৰত আগুৱাবলৈ অসম চৰকাৰ তথা প্ৰশাসনে গ্ৰহন কৰিছে নিত্য নতুন পদক্ষেপ৷ ইয়াৰ লগতে সমানে সহায়ক হৈছে অসম ট্যুৰ অপাৰেটৰছ সন্থা৷ অসমক বিশ্বৰ দৰবাৰত চিনাকী কৰাই দিবলৈ এই সন্থায়ো কৰিছে অহোপুৰোষাৰ্থ৷ এই লক্ষ্য আগত ৰাখিয়ে প্ৰত্যেক বছৰে কৰি আহিছে বাৰ্ষিক অধিৱেশন৷ এইবাৰো অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব লগীয়া বাৰ্ষিক অধিৱেশন খনৰ কাৰণে ঠাই নিৰ্বচন কৰিছে অসমৰ সকলোতকৈ ওখ ঠাই হাফলং৷
বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই অধিৱেশন খনৰ বিষয়ে সবিশেষ জনায় অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ সভাপতি শচীন গোস্বামীয়ে৷ তেওঁ জনায় যে এই অষ্টম বাৰ্ষিক অধিৱেশন খনৰ সাধাৰণ সভা খন হ’ব ২৬ অক্টোবৰত আৰু ২৭ অক্টোবৰত হ’ব ‘ডেষ্টিনে’শ্বন ডিমা হাছাও-ইন’ভেশ্বন, পাৰ্টনাৰশ্বীপ এণ্ড শ্বেয়াৰিং’ শীৰ্ষক এক বিশেষ বৈঠকো৷ উক্ত সভাত বিশিষ্ট অথিতি হিচাপে উপস্থিত থাকিব পৰ্যটন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, পৰিচালন সঞ্চালক আদি৷ প্ৰেছ ক্লাবত অনুষ্ঠিত সভা খনত অসম ট্যুৰ অপাৰেটৰছ সন্থাৰ সভাপতিৰ লগতে উপস্থিত থাকে সম্পাদক কুলদীপ শৰ্মা, সহ-সম্পাদক হেমন্ত দাস, উপদেষ্ঠা ৰঞ্জিত দাস আৰু লগতে উপ সভাপতি চন্দন নাথ৷