ডিজিটেল ডেস্কঃ মহাকাশচাৰী পাওলো নেচপলিয়ে  মহাকাশৰ পৰা লোৱা স্নেপশ্বট টুইট কৰে। ২১ অক্টোবৰত ভাৰতৰ নিশাৰ আলোকচিত্ৰ টুইট কৰে পাওলোৱে৷ দীপাৱলীৰ নিশাৰ ভাৰতবৰ্ষৰ পোহৰেৰে উজলি থকা আলোকচিত্ৰ খন চৰ্চালৈ আহে৷

নেচপলিয়ে তেওঁৰ @এচষ্ট্ৰ’-পাওলো নামৰ টুইটাৰ একাউন্টত আলোকচিত্ৰ খন প্ৰকাশ কৰাৰ লগতে ভাৰতবাসীক শুভেচ্ছা জনায়৷ প্ৰতিবছৰে মহাকাশ গৱেষণা সংস্থাই এনেদৰে ফটো প্ৰেৰণ কৰে। ইটালিৰ ৬০ বছৰীয়া মহাকাশচাৰীগৰাকীয়ে ফটোৰ কেপচনত Happy Diwali বুলি লিখে।  

দীপাৱলীক দেশবাসীয়ে পোহৰৰ উৎসৱ হিচাপে পালন কৰে৷ সমগ্ৰ দেশ চাকি আৰু লাইটৰ পোহৰেৰে আলোকিত হয়৷ কোৱা হয় দীপাৱলীৰ নিশা হেনো সকলোতকৈ অন্ধকাৰ ৰাতি৷ চাৰিওফালে অন্ধকাৰে আৱৰি পোহৰ হৈ পৰে৷ এই দিনটোতেই ৰাম অযোদ্ধাৰ পৰা উভটি আহিছিল সেয়ে এই অন্ধকাৰ ৰাতি পোহৰাই তোলা হয়৷

এই উৎসৱ পৃথিৱীৰ অন্য ঠাইত খুব কমেইহে পোৱা হয়৷ সেয়ে মহাকাশ অভিযানকাৰি পাওলোয়ে প্ৰকাশ কৰা এই ফটো খন চৰ্চালৈ আহিছে৷