ani twitter
ani twitter

newsnextone.com | ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অন্তত বিজেপিৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰs৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি পদত্যাগ কৰে তেওঁ৷ কম সময়ৰ ভিতৰতে পট পৰিৱৰ্তন হয় কৰ্ণাটক বিধান সভাৰ ভিতৰচৰাত৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়ুৰাপ্পাই আস্থাভোটৰ পূৰ্বে দিয়া ভাষণৰ পিছতে বিধানসভাৰ পৰা ওলাই আহে৷ 

শনিবাৰে কৰ্ণাটক বিধান সভাত কংগ্ৰেছ আৰু বিজেপি দলৰ কেইবাগৰাকী নেতাক বিধান সভাৰ ভিতৰত দৰ্শকৰ কক্ষত দেখা গৈছিল৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা গোলাম নবী আজাদ, অশোক গেহলট, মল্লিকাৰ্জুন খাৰ্গে, বিজেপি নেতা অনন্ত কুমাৰ, শোভা কৰমন্দলাজে উপস্থিত থাকে বিধান সভাৰ দৰ্শকৰ কক্ষত৷ 

সমগ্ৰ দেশবাসীৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত থকাৰ লগে লগে বিজেপি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাও উৎসুক হৈ পৰিছিল ফলাফল কি হ’ব বুলি৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ’ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰাৰ লগতে দলৰ শীৰ্ষ নেতাও দৃষ্টি নিক্ষেপ কৰিছিল৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হোৱাৰ পূৰ্বেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে৷