বাল্য বিবাহ ৰোধৰ প্ৰচেষ্টা-সজাগতা সভা

মঙ্গলদৈঃ শিশু সকল দেশৰ ভৱিষ্যত। আজিৰ শিশু কাইলৈৰ নাগৰিক। শিক্ষা-দীক্ষা, আচাৰ ব্যৱহাৰেৰে সু-নাগৰিক হিচাপে গঢ়ি তোলাটোহে প্ৰতিগৰাকী অভিভাৱকৰ প্ৰধান দায়িত্ব হোৱা উচিত।এই মন্তব্য দৰং জিলাৰ উপায়ুক্ত ঘনশ্যাম দাসৰ । 

বৃহস্পতিবাৰে পাথৰিঘাতৰ ৰ‌ইনাকুছি প্ৰাথমিক বিদ্যালয় প্ৰাংগনত  বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অনুষ্ঠিত এখন সজাগতা সভাত ভাগ লৈ  এই দিশত অভিভাৱকৰ লগতে  সমাজ সচেতন প্ৰতিগৰাকী লোককে সজাগ,সচেতন হৈ বাল্য বিবাহ ৰোধত আগবাঢ়িবলৈ মুকলি আহ্বান জনায় ।

জিলা সমাজ কল্যান বিভাগৰ তৎপৰতাত জিলাখনৰ উপ আৰক্ষী অধীক্ষক , ছিপাঝাৰৰ চি ডি পি অ ' -কুশেশ্বৰ বড়া , চিকিৎসা বিষয়া  ডা, আতিকুৰ ৰহমান উপস্থিত থকা সজাগতা সভাখনত  উপায়ুক্তৰ সৈতে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত  কৰ্মশ্ৰী পংকজ চক্ৰৱৰ্তী য়ে বাল্য বিবাহৰ ক্ষেত্ৰত  আইনী ব্যৱস্থাৰ বাখ্যা দাঙি ধৰি বাল্য বিবাহ প্ৰতিৰোধ আইন --২০০১৬ উলংঘন কৰিলে কাৰাদণ্ড আৰু জৰিমনাৰ বিষয়ে বিতংভাৱে ৰাইজক অৱগত কৰি সাৱধান হবলৈ আহৱান জনায় ।

এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ জৰিয়তে গাঁৱে-গাঁৱে  বাটৰ নাটেৰে ৰাইজক সজাগ কৰাৰো ব্যৱস্থা হাতত লোৱাৰ কথা ব্যক্ত কৰি বাল্য বিবাহ ৰোধত সকলোৰে সহযোগিতা কামনা কৰে  এ ডি চি পংকজ চক্ৰৱৰ্তীয়ে৷