newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা দেশৰ একাংশ লোকৰ তীব্ৰ বিৰোধিতাক প্ৰত্যাখ্যান কৰি বৃহস্পতিবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি তথা একালৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰণৱ মুখাৰ্জী উপস্থিত হয় নাগপুৰস্থিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুখ্য কাৰ্যালয়ত৷ আৰএছএছৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লগে লগে আৰএছএছ প্ৰধান মোহন ভাগৱতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনায়৷ প্ৰথমে মোহন ভাগৱতে ভাষণ আগবঢ়ায়৷

তাৰ পিছতে প্ৰণৱ মুখাৰ্জীয়ে ভাষণ আৰম্ভ কৰে৷ ভাষণৰ আৰম্ভণিতে প্ৰণৱ মুখাৰ্জীয়ে কয় ‘‘মই আজি দেশক মোৰ ৰাষ্ট্ৰীয়তাবাদ সম্পৰ্কত মোৰ দৃষ্টি ভংগী সন্দৰ্ভত জনাব আহিছো৷ ভাৰতৰ সংস্কৃতিত বাণিজ্যৰ ব্যৱহাৰ সমগ্ৰ এছিয়া মহাদেশত বিস্তাৰিত হৈ আছে৷ গান্ধীয়ে ভাৰতৰ ৰাষ্ট্ৰীয়তা বিশেষ বুলি কৈছিল আৰু কাৰো ক্ষতি নকৰে বুলি কৈছিল৷ পণ্ডিত নেহেৰুৱে কৈছিল ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদ ৰাজনীতি আৰু ধৰ্মৰ উৰ্ধত৷ এয়া স্বাধীনতাৰ পূৰ্বৰ পৰাই আছিল আৰু আজিও থাকিব৷

আমি ইংৰাজৰ পৰা আমাৰ স্বাধীনতা লৈছো৷ বহু ৰাজ্যক লৈ আমাৰ দেশ নিৰ্মাণ হৈছে৷ গণতন্ত্ৰ কোনো উপহাৰ নহয় এয়া এক পবিত্ৰ সম্পদ৷ আধুনিক ভাৰতৰ ধাৰণা বিভিন্ন ধৰণে বিভিন্নজনে দিছে৷ আমাৰ ৰাষ্ট্ৰীয়তা দীৰ্ঘ সময়ৰ পৰা বিভিন্নতাৰ দ্বাৰা চলি আহিছে৷ আধুনিক ভাৰতৰ ধাৰণা বহু আন আন ভাৰতীয় নেতাৰ পৰা লাভ কৰা হৈছে৷ এয়া কোনো ধৰ্মৰ সৈতে নতুবা জাতিৰ সৈতে জড়িত নহয়৷

ৰাষ্ট্ৰীয়তা কোনো ধৰ্মৰ প্ৰতি সহিষ্ণু হলেহে ৰাষ্ট্ৰীয়তা আমাৰ মাজলৈ আহিবা৷ আমি বিভিন্নতাক সন্মান কৰিব লাগে৷

ইয়াত বহু শক্তিশালী শাসকে শাসন কৰিছে৷ আমাৰ ৰাষ্ট্ৰীয় চিনাকী লাহে লাহে শক্তিশালী হৈছে৷ ইয়াত বিভিন্ন সংস্কৃতি থকাৰ বাবেই সহিষ্ণুতা বৃদ্ধি হয়৷

প্ৰায় ১৮০০ বছৰৰ পৰা ভাৰতীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰই আকৰ্ষিত কৰি আহিছে৷ আমি পৃথিৱীখনক এটা পৰিয়াল বুলি ভাবো৷ ভাৰতৰ শক্তি সহিষ্ণুতাৰ পৰা আহে৷ অতীতৰ পৰা লাভ কৰা সভ্যতাৰ পৰাই আমাৰ পৰিচয় হৈছে৷

বহু ধৰ্ম থকাৰ পিছতো ১৬৪৮ চনৰ পৰাই এটা ভাষাই ব্যৱহাৰ হৈ আহিছে৷ ইয়াতে সকলো ধৰ্মৰ মানুহে এটা ভাষাতে কথা কয়৷ ভাৰতীয় সমাজ মুকলি সমাজ সমন্বয়ৰ পথেৰে আন দেশৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা হৈছে৷ বহু বিদেশী যাত্ৰী ইয়ালৈ আহিছে৷ যাত্ৰীসকলে ভাৰত সন্দৰ্ভত নিজৰ মতামত ৰাখি গৈছে৷ ইয়াৰে প্ৰশাসন আৰু শিক্ষা ব্যৱস্থাৰ প্ৰশাংসা কৰি গৈছে৷’’

উল্লেখ্য যে, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে আৰএছএছৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ লাভ কৰাৰ পিছতে অনুষ্ঠানত অংশ নল’বলৈ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই পৰামৰ্শ দিছিল৷ আনকি বুধবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক কন্যা তথা কংগ্ৰেছৰ নেত্ৰী শৰ্মিষ্ঠা মুখাৰ্জীয়েও পিতৃৰ সিদ্ধান্তক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷

তৎসত্বেও বৃহস্পতিবাৰে সন্ধিয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়৷ প্ৰণৱ মুখাৰ্জীয়ে আৰএছৰএছৰ সংস্থাপক হেডকেৱাৰৰ স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পিছতে তেওঁ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে চাহ মেলত অংশ লৈ বিভিন্ন বিষয়ত আলোচনাত মিলিত হ’ব৷

আনহাতে, আৰএছএছৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সংঘৰ ভিজিটৰ বুকত স্বাক্ষৰ কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ তেওঁ বহীত লিখে, ‘আজি মই ইয়াত ভাৰত মাতৃৰ মহান সন্তানসকলক সাক্ষাৎ কৰিবলৈ আহিছোঁ৷

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে সন্ধিয়া ৬.৩৫ বজাত প্ৰায় ২০ মিনিট সময় সংঘৰ স্বয়ংসেৱক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে৷