গোলাঘাট, ৬ আগষ্ট : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, অতিৰিক্ত উপায়ুক্ত শ্ৰীযুত মুন গগৈ আৰু জিলা পৰিবহন বিষয়া দিব্যজ্যোতি কাৰ্জিৰ লগতে পৰিবহন বিভাগ আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।

সভাত পথ সুৰক্ষাৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । তাৰ ভিতৰত পথ সুৰক্ষাৰ পৰিসংখ্যা আৰু কাৰণসমূহ, পথ সুৰক্ষা বাহিনীৰ পুনৰুজ্জীৱিতকৰণ, অত্যধিক বোজা কঢ়িওৱা বাহনৰ বিৰুদ্ধে অভিযান, দিশ নিৰ্দেশনা সূচকসমূহ সঠিকভাৱে সংস্থাপন কৰা, পথ সুৰক্ষাৰ পুঁজিৰ ব্যৱহাৰ, নৌ হেলমেট নৌ পেট্ৰল নীতিৰ কাৰ্যকৰীকৰণ আদি অন্যতম । বৈঠকত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অঞ্চলৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আগবঢ়োৱা নীতি-নিৰ্দেশনা আদিৰ বিষয়েও আলোচনা কৰা হয় । জিলা উপায়ুক্তগৰাকীয়ে দুৰ্ঘটনাপ্ৰৱন এলেকাসমূহলৈ গৈ দুৰ্ঘটনাৰ কাৰণসমূহ পুনৰ অধ্যয়ন কৰিবলৈ পৰিবহন বিষয়াগৰাকীক নিৰ্দেশ দিয়ে । লগতে পথ সুৰক্ষা পুঁজিৰ ধনেৰে দুৰ্ঘটনাত পতিত হোৱা অথবা অন্য জৰুৰী অৱস্থাৰ ৰোগীক কঢ়িয়াবৰ বাবে ষ্ট্ৰেছাৰ প্ৰদান কৰা, দিশ নিৰ্দেশনা সূচক সংস্থাপন কৰা আৰু কমাৰগাঁও, বোকাখাত আৰু ৰঙাজানৰ দৰে স্পৰ্শকাতৰ এলেকাত বেৰিকেড স্থাপনৰ কামত ব্যৱহাৰ কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে ।

আনহাতে দুৰ্ঘটনাৰ ক্ষেত্ৰত স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা অঞ্চলসমূহত পৰীক্ষামূলকভাৱে স্বাস্থ্য কৰ্মীকো অন্তৰ্ভুক্ত কৰি পথ সুৰক্ষা বাহিনী পুনৰ গঠন কৰিবলৈ তেওঁ পৰামৰ্শ আগবঢ়ায় । উপায়ুক্তগৰাকীয়ে অহা ১৫ আগষ্টৰ পাছত যানবাহন আইন উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰভাৱে অভিযান চলাবলৈও নিৰ্দেশ দিয়ে । তেওঁ লগতে নিশা ৮ বজাৰ পাছত যাতে কোনেও কেঁচা চাহপাত কঢ়িয়াব নোৱাৰে সেইয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

বৈঠকত জিলা পৰিবহন বিষয়াগৰাকীয়ে পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত পথ দুৰ্ঘটনাৰ তথ্যসমূহ প্ৰদৰ্শন কৰে । সেই অনুসৰি জিলাখনত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে ১১৭টা পথ দুৰ্ঘটনা সংঘটিত হৈছে । এই ঘটনাসমূহত ৬৪ জন লোক আহত হোৱাৰ লগতে ৫৭ জনৰ মৃত্যু হৈছে । আনহাতে চলিত বৰ্ষৰ ৩০ মে'ৰ পৰা ৫ আগষ্টলৈকে অত্যধিক বোজা কঢ়িওৱা ১০৮ টা ঘটনা পোহৰলৈ আহিছে ।