ভাৰতীয় ৰেডক্ৰছ চোছাইটিৰ উদ্যোগত তিনিদিনীয়া প্ৰাথমিক চিকিৎসা প্ৰশিক্ষণ শিবিৰ
বিলাসীপাৰাঃ নামনি অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ ড৹ বি আৰ আম্বেদকাৰ ভৱন পৰিচালনা সমিতিৰ সম্পাদক তথা সুচিকিৎসক ডাঃ কানুলাল দাস দেৱৰ তত্বাৱধানত ভাৰতীয় ৰেডক্ৰছ চোছাইটিৰ বিলাসীপাৰা জিলা শাখাৰ উদ্যোগত ২৬,২৭, আৰু ২৮ ফেব্ৰুৱাৰীত তিনিদিনীয়া প্ৰাথমিক চিকিৎসা শিবিৰ আনুষ্ঠানিক ভাৱে শিক্ষা প্ৰদান কৰা হয় ।
উক্ত চিকিৎসা শিবিৰত অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থী অংশ গ্ৰহণ কৰে । জৰুৰীকালীন সেৱা,আহত হোৱা, জুইত পুড়ি যোৱা, পানীত পৰা ব্যক্তি সকলক প্ৰাথমিক শিক্ষাৰ সম্পূৰ্ণ জ্ঞান প্ৰদান কৰা হয় আৰু সুকীয়া কৈ ব্যৱহাৰিক ভাবে প্ৰদৰ্শন কৰি দেখুৱাই সম্পূৰ্ণ শিক্ষা প্ৰদান কৰে ডাঃ কানুলাল দাসে ।
উল্লেখযোগ্য কথা যে চৰ অঞ্চল, গ্ৰাম অঞ্চলত কাম কৰা লোক সকলৰ প্ৰাথমিক চিকিৎসাৰ অভাৱত আক্রান্ত হৈ মৃত্যু মূখত পতিত হোৱা ঘটনাক প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে আগত ৰাখি প্ৰতি বছৰে এনে ধৰণৰ প্ৰাথমিক চিকিৎসা প্ৰদানৰ শিবিৰ অনুষ্ঠিত কৰি আহিছে।
উক্ত অনুষ্ঠানৰ প্ৰথম দিনা চাৰ্কেল অফিচাৰ ছাৰফৰাছ হকে শুভাৰম্ভ কৰাৰ লগতে সামৰণি অনুষ্ঠানত বিলাসীপাৰা পুৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহীয়ে উপস্থিত থাকি শিক্ষাৰ্থীক সকলৰ উজ্জ্বল ভবিষ্যত কামনা কৰে আৰু মান পত্র বিতৰণ কৰে ।