ডিজিটোল ডেস্কঃ দেশৰ ৫৮ গৰাকী সাংসদ তথা মন্ত্ৰীৰ বিৰুদ্ধে বিভেদকামী আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানক লৈ গোচৰ ৰুজু হৈ আছে৷ এই তথ্য প্ৰকাশ পাইছে এচ’চিয়েছন অৱ ডেমক্ৰেটিক ৰিফাৰ্মচ (এডিআৰ)ৰ এক সমীক্ষাত৷ দেশত বিভিন্ন সময়ত বিদ্বেষপূৰ্ণ মন্তব্যৰে বিভেদ আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰা সাংসদ-মন্ত্ৰী-নেতাসকলৰ অধিকাংশই হৈছে বিজেপি নেতা৷

এডিআৰৰ প্ৰতিবেদনখনত কোৱা হৈছে- ‘লোকসভাৰ বৰ্তমানৰ ১৫গৰাকী সাংসদে ভাষণ প্ৰসংগত বিভেদকামী আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদানৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ বিষয়ে উল্লেখ কৰিছে৷ কিন্তু ৰাজ্যসভাৰ কোনো সদস্যই এই বিষয়ে উল্লেখ কৰা নাই৷’
  
এডিআৰৰ প্ৰতিবেদন অনুসৰি, লোকসভাত যি ১৫গৰাকী সাংসদে নিজৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য প্ৰচাৰৰ বাবে ৰুজু হোৱা গোচৰৰ বিষয়ে স্বীকাৰ কৰিছে, তাৰ ভিতৰত ১০ গৰাকী সাংসদেই হৈছে বিজেপি দলৰ৷ আনফালে, এআইইউডিএফ, তেলংগানা ৰাষ্ট্ৰ সমিতি, পীএমকে, এআইএমআইএম আৰু শিৱসেনা দলৰো এগৰাকীকৈ সাংসদে বিভেদকামী আৰু সাম্প্ৰদায়িকতাৰ বীজ ৰোপণৰ বাবে চেষ্টা চলাইছিল৷  

এডিআৰে প্ৰতিবেদন যোগে কৈছে যে, বিজেপিৰ ২৭গৰাকী, অল ইণ্ডিয়া মজলিচ-এ-ইট্টেহাদুল মুছলিম আৰু টিআৰএছ দলৰ সাত জনকৈ, তিডিআৰ আৰু শিৱসেনা দলৰ তিনিজনকৈ, এইটিচি, আইএনচি আৰু জেডিইউৰ দুজনকৈ, এআইইউডিএফ, বীচপা, দ্ৰমূক, পীএমকে আৰু এছপিৰ এজনকৈ সাংসদ আৰু বিধায়কে বিদ্বেষমূলক মন্তব্য প্ৰচাৰেৰে দেশত সংঘাত সৃষ্টি কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে৷ 

এডিআৰৰ সমীক্ষা মতে কেইবাজনো নিৰ্দলীয় সাংসদ আৰু বিধায়কেও বিভেদকামী মন্তব্য কৰি বিতৰ্কৰ আওতাত সোমাই পৰিছে৷ 

প্ৰতিবেদন মতে, মধ্যপ্ৰদেশৰ প্ৰাক্তন মূখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় জনস্বাস্থ্য মন্ত্ৰী উমা ভাৰতীয়েও সাম্প্ৰদায়িক মন্তব্য কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে৷ ইয়াৰ বাহিৰেও ৮খন ৰাজ্যৰ বিভিন্ন দপ্তৰৰ মন্ত্ৰীৰ বিৰুদ্ধে বিদ্বেষমূলক মন্তব্য কৰাক লৈ গোচৰ চলি আছে৷  

ইফালে এডিআৰে প্ৰকাশ কৰা অনুসৰি যোৱা ৪ বছৰত দেশত বিভাজনকামী মন্তব্য কৰাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে৷ তথ্য আৰু প্ৰমাণৰ ভিত্তিত পোৱা গৈছে যে ২০১৪ চনৰ পৰা বৰ্তমানলৈ ৪৪ গৰাকী নেতাই ১২৪ বাৰ বিভেদকামী মন্তব্য প্ৰদান কৰিছে৷ ইয়াৰ বিপৰীতে পূৰ্বৰ ইউপিএ চৰকাৰৰ সময়ত এনে মন্তব্য প্ৰদানকাৰী নেতাৰ সংখ্যা আছিল মাত্ৰ ২১ গৰাকী৷ এই তথ্যৰ ভিত্তিত মোডী চৰকাৰৰ সময়ত ৪৯০ শতাংশ পৰ্যন্ত বিদ্বেষমূলক মন্তব্য বৃদ্ধি পাইছে৷

ইফালে বৰ্তমান চৰকাৰৰ কালছোৱাত সাম্প্ৰদায়িকতা আৰু ঘৃণা সৃষ্টি কৰিব পৰা মন্তব্য প্ৰদান কৰা নেতাসকলৰ ভিতৰত ৯০ শতাংশই বিজেপি নেতা বুলি সমীক্ষাটোত প্ৰকাশ পাইছে৷