শ্ৰীনগৰঃ জম্মু-কাশ্মীৰস্থিত পুঞ্চ জিলাত শনিবাৰে এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷  পুৱা পুঞ্চৰপৰা মণ্ডী অভিমুখী যাত্ৰা কৰা বাছ খন হঠাতে গভীৰ খাৱৈত বাগৰি পৰে৷ এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা প্ৰায় ১১ জন ব্যক্তিৰ মৃত্যুৰ লগতে আন ১৯ যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে, JK02W0445 নম্বৰ বাছখনে লুৰনৰপৰা পুঞ্চৰ দিশে যাত্ৰা কৰাৰ অৱস্থাতে বাছৰ পৰিচালকে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত গভীৰ খালত বাগৰি পৰে৷ এই ঘটনাৰ লগে লগে উদ্ধাৰকাৰী দলে আহি ঘটনাস্থলিৰপৰা আঘাতপ্ৰাপ্ত হোৱা যাত্ৰীসকলৰ লগতে মৃতদেহবোৰো উদ্ধাৰ কৰে৷ আনহাতে, মূমুৰ্ষ অৱস্থাত থকা লোকসকলক নিকট মণ্ডীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে৷ লগতে উক্ত ঘটনাসন্দৰ্ভত স্থানীয় আৰক্ষীয়ে তদন্তৰ অব্যাহত ৰাখিছে৷