anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰিলে বিজেপিৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি পদত্যাগ কৰে তেওঁ৷ কম সময়ৰ ভিতৰতে পট পৰিৱৰ্তন হয় কৰ্ণাটক বিধান সভাৰ ভিতৰচৰাত৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী য়েদুয়ুৰাপ্পাই আস্থাভোটৰ পূৰ্বে দিয়া ভাষণৰ পিছতে বিধানসভাৰ পৰা ওলাই আহে৷ 

ৰাজনৈতিক পৰিৱৰ্তৰ দিশে আগবঢ়াৰ লগে লগে বিজেপিৰ মুখ্যমন্ত্ৰী য়েদুয়াৰাপ্পাই আস্থা ভোটৰ পূৰ্বেই পদত্যাগ কৰাৰ সম্ভাৱনাই দেখা দিছিল৷ ৩.৩০ বজালৈ বিধান সভা স্থগিত ৰখা হৈছিল যদিও বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ আদেশত আস্থা ভোটৰ পূৰ্বে পদত্যাগ কৰে য়েদুয়ুৰাপ্পাই৷ পুনৰ বিধান সভা আৰম্ভ হোৱাৰ লগে লগে ভাষণ প্ৰদান কৰি ভাষণৰ অন্তত পদত্যাগ কৰে য়েদুয়ুৰাপ্পাই৷ 

সমগ্ৰ দেশবাসীৰ দৃষ্টি কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত আছিল৷ শনিবাৰৰ দিনটোত কোনে জয়ী হ’ব কোনে পৰাজয় বৰণ কৰিব সেই খবৰ লবলৈ দেশবাসীয়ে কৰ্ণাটকৰ দিশে দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল৷ সংবাদমাধ্যম, ছচিয়েল মিডিয়াত কৰ্ণাটকৰ আস্থা ভোটক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ শনিবাৰে বিয়লি ৪ বজাত আস্থা ভোট অনুষ্ঠিত হ’ব হোৱাৰ পূৰ্বই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰে৷ 

ভাষণ সমাপ্ত কৰিয়েই ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ অৰ্পণ কৰে বি এছ য়েদুয়ুৰাপ্পাই।