ডিজিটেল ডেস্কঃ কৰ্ণাটকত বলিছে নিৰ্বাচনৰ গৰম বতাহ৷ শাসক-বিৰোধী কোনেও পিছপৰি থকা নাই৷ ৰেলী অনুষ্ঠিত কৰাৰ যেন প্ৰতিযোগিতাহে অনুষ্ঠিত হৈছে৷ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনৰ মুৰে মুৰে ভ্ৰমণ কৰিছে কৰ্ণাটক৷ ৰেলীত অংশ লৈ শাসক-বিৰোধীয়ে নিজ পদ্ধতি অবলম্বন কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে৷
শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ্ণাটকৰ চাৰিখন জিলাৰ নিৰ্বাচনী জনসভাত অংশ ল’ব৷ তুমকুৰূ, গডম, শিৱমোগা আৰু মংগলুৰুৰ জনসভাত অংশ লৈ প্ৰধআনমন্ত্ৰীয়ে দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব৷ আনহাতে নৰেন্দ্ৰ মোডীয়ে অংশ লবলগীয়া জনসভাৰ ভিতৰত শিৱমোগা জিলাৰ শিকাৰপুৰা সমষ্টি বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী য়েদেৰুপ্পাৰ নিৰ্বাচনী সমষ্টি৷
প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ বিষয়ে জনাই টুইট যোগে কয়, ‘আজি পুনৰ কৰ্ণাটকৰ ভাই-ভনী সকলৰ সতে সাক্ষাৎ হ’বলৈ মোৰ সৌভাগ্য ঘটিছে৷ আজি মই চাৰিখন জনসভাত অংশ লম৷’
উল্লেখ্য যে নৰেন্দ্ৰ মোডীয়ে বুধবাৰৰ পৰা ‘কৰ্ণাটক মিছন’ৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ ৰি বৰ্তমানলৈ ৬ খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ মোডীৰ মতে ১৬ খন নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল যদিও বিজেপিৰ সূত্ৰ মতে এই সংখ্যা ২১ খনলৈ বৃদ্ধি কৰা হৈছে৷
আনহাতে বিজেপিৰ ৰাষ্টট্ৰীয় অধ্যক্ষ অমিত শ্বাহেও কৰ্ণাটক নিৰ্বাচনত বিজেপিক সফল কৰিবলৈ কৰ্ণাটকত বাহৰ পাতি আছে৷ শনিবাৰে তেওঁ ৰাজ্যখনৰ ৫ ঠাইত পথ সভা আয়োজন কৰিব৷ তেওঁৰ প্রথমখন পথ সভা প্ৰিয়াপট্টনা বিধানসভাৰ পৰা আৰম্ভ হ’ব৷ ইয়াৰ পাছত তেওঁ নাৰছীপুৰা, মৈচুৰৰ এনআৰ, চমৰাজা আৰু কৃষ্ণাৰাজা বিধানসভাত পথ সভা আয়োজন কৰি নিৰ্বাচনী প্ৰচাৰ চলাব৷