নতুন দিল্লীঃ দৰিদ্ৰ সীমাৰেখাৰ আশে-পাশে থকা দেশৰ কোটি কোটি জ্যেষ্ঠ নাগৰিকৰ বাবে এক সুখবৰ। ভাৰত চৰকাৰে ৪৭৭ কোটি টকাৰ বিনিয়োগেৰে জেষ্ঠ নাগৰিকৰ বাবে পৰিকল্পনা কৰা হৈছে এক বিশেষ যোজনা। ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা শীৰ্ষক যোজনাৰ জৰিয়তে জেষ্ঠ নাগৰিকক হুইল চেয়াৰ আৰু শ্ৰৱণৰ সহায়ক আহিলা বিনামূলীয়াকৈ দিয়া হ’ব। 

কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰালয়ৰ মন্ত্ৰী থাৱৰচন্দ্ৰ গহলোট আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মন্ত্ৰী এম ভেংকয়া নাইডুয়ে ২৫ মাৰ্চত অন্ধ্ৰ প্ৰদেশৰ নেল্ল’ৰ জিলাত এই প্ৰস্তাৱিত আঁচনিখনৰ আৰম্ভ কৰিব। 

বয়োজেষ্ঠজনৰ জীৱন যাপন সুচল কৰি তোলাৰ বাবে সহায়ক সামগ্ৰী প্ৰদান কৰাটোৱে এই আঁচনিৰ উদ্দেশ্য বুলি মন্ত্ৰী থাৱৰচন্দ্ৰই কয়। এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে নাগৰিকৰ বয়স ষাঠিৰ অধিক হোৱাৰ লগতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰমাণপত্ৰ থাকিব লাগিব। 

আঁচনিৰ অধীনত প্ৰদান কৰা সামগ্ৰীসমূহ আইএছআই চিহ্নযুক্ত আৰু মানসম্পন্ন হ’ব। এই আঁচনিৰ অধীনত আৰামদায়ক জোতা, পেং, কৃত্ৰিম দাঁত, হুইল চেয়াৰ, শ্ৰৱণ যন্ত্ৰ, চশমা, ট্ৰায়পদ, ল’কোমিটাৰ বিংসগতি দূৰ কৰা সামগ্ৰী আদি প্ৰদান কৰা হ’ব। 

২০১১ চনৰ লোকপিয়ল মতে ভাৰতত ১০.৩৮ কোটি জেষ্ঠ নাগৰিক আছে আৰু ইয়াৰে ৫.২ কোটি নাগৰিক বয়স সংক্ৰান্তীয় অসুখত ভুগি আছে।