newsnextone.com | ডিজিটেল ডেস্কঃ আস্থা ভোটৰ পূৰ্বেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে বিজেপি আৰু কৰ্ণাটকৰ ৰাজ্যপালক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ আৰু আন আন দলে৷ বিধানসভাত আবেগিক ভাষণ প্ৰদান কৰি বিএছ য়েদুয়াৰাপ্পাই পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমে তীব্ৰ আক্ৰমণ কৰে ৰাজ্যপাল ভেজুভাই বালাক৷ সঞ্জয় নিৰুপমে কয় যে এই খন দেশত আনুগত্য প্ৰকাশ কৰি নতুন ইতিহাস ৰচিলে ভেজুভাই বালাই৷

এইখন দেশৰ প্ৰায় মানুহে এতিয়া কুকুৰৰ নাম ভেজুভাই বালা ৰাখিব৷ কিয়নো ইয়াতকৈ বেছি আনুগত্য প্ৰকাশ আন কোনেও কৰিব নোৱাৰে৷ কংগ্ৰেছ নেতাই এনেদৰে আক্ৰমণ কৰাৰ পিছতে বিজেপিয়ে সোচ্চাৰ হৈ পৰে৷ ৰাজ্যপালগৰাকীক এনেদৰে অসাংবিধানিক শব্দৰে আক্ৰমণ কৰাৰ পিছতে বিজেপিয়ে উভতি ধৰে কংগ্ৰেছক৷

বিজেপি নেতা তথ্য উচ্চ শিক্ষামন্ত্ৰী প্ৰকাশ জাভড়েকাৰে সঞ্জয় নিৰুপমৰ বক্তব্যক উভতি ধৰি কংগ্ৰেছে প্ৰতিষ্ঠান আৰু পদবীক সন্মান নিদিয়ে বুলি কৈ এই মন্তব্য সেই কথাৰে প্ৰমাণ কৰে বুলি কয়। এনেদৰেই ৰাজ্যপালৰ পদৰ প্ৰতি তেঁওলোকে সন্মান কৰে নেকি বুলি প্ৰশ্ন উত্থাপ কৰে বিজেপি নেতাগৰাকীয়ে? আনহাতে ৰাহুল গান্ধীয়ে কোৱাৰ দৰে কংগ্ৰেছে বিজেপিক হৰুওৱা কথাটো তেনেই হাস্যকৰ বুলি কয়৷