anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ মাদ্ৰাজ উচ্চ ন্যায়ালয়ে পুৱা ৮ বজাত অনুষ্ঠিত কৰা শুনানিৰ অন্তত এম কৰুণানিধিক মেৰিণা বীচ্ছত শেষকৃত্য কৰাৰ অনুমতি প্ৰদান কৰি ৰায় দিয়ে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে এই ৰায় প্ৰদান কৰে। ডিএমকেয়ে আদালতত কৰা আবেদনত কয় যে আমাক কেৱল অকণমান ঠাই লাগে আন একো বিচৰা নায়। মঙলবাৰে মাজনিশা শুনানি অনুষ্ঠিত কৰি পূৰ্বে তৰা সকলো গোচৰ কৰি খাৰিজ কৰিছিল। তৰা লগে লগে বুদবাৰে পুৱা শুনানি অনুষ্ঠিত কৰি অনুমতিৰ বাবে ৰায় প্ৰদান কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰিছিল। বুধবাৰে পুৱা ৮ বজাত পুনৰ অনুষ্ঠিত শুনানিৰ অন্তত মেৰিণা বীচ্ছত সমাধি স্থান কৰাৰ ৰায় দিয়ে ন্যায়ালয়ে।

 এম কৰুণানিধিৰ শেষকৃত্য কৰাৰ বাবে দেখা দিয়া জটিলতা অৱশেষত আতৰিল। মঙলবাৰে মধ্য নিশা আদালতত অনুষ্ঠিত হোৱা শুনানিত আইনী জটিলতা আতৰ হোৱাৰ অন্তত মেৰিণা বীচ্ছতে এম কৰুণানিধিৰ শেষকৃত্য সম্পন্ন কৰাৰ ৰায় প্ৰদান কৰে আদালতে। এতিয়া মেৰিণা বিচ্ছত ডিএমকেৰ প্ৰয়াত সভাপতিক শেষকৃত্য কৰাৰ বাবে তামিলনাডু চৰকাৰ সাজু হৈছে। 

তামিলনাডুবাসীক কন্দুৱাই মঙলবাৰে ৬ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে এম কৰুণানিধিয়ে। ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৯৪ বছৰীয়া এম কৰুণানিধিয়ে সকলোকে কন্দুৱাই থৈ গ'ল মঙলবাৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে কৰুণানিধিৰ মৃত্যুত বুধবাৰৰ দিনটো ৰাষ্ট্ৰীয় শোক পালন কৰাৰ কথা ঘোষণা কৰে। সমগ্ৰ দেশত ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰাৰ লগতে শেষ শ্ৰদ্ধা জনাবলৈ প্ৰধানমমন্ত্ৰী নৰেন্দ্ৰ মোডী সহ কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী চেন্নাইলৈ যাব। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চেন্নাইত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনাই কৰুণানিধিক।