ডিজিটেল ডেস্কঃ  চেষ্টাৰ অসাধ্য একো নাই৷ তাতে আৰু মনত কাম কৰাৰ হেপাহ থাকিলে সকলো সম্ভব হৈ পৰে৷ তেনেই এক অসাধ্য সাধন কৰি দেখুৱাইছে কেৰালাৰ এজন এম্বুলেঞ্চ চালকে৷ নিজৰ কথা নাভাবি এক মহীয়া শিশু এটাৰ প্রাণৰক্ষা কৰিলে থামিম নামৰ চালক জনে৷ যিটো পথ অতিক্ৰম কৰিবলৈ সময় লাগে কমপক্ষেও ১৪ ঘণ্টা, শিশুটোৰ প্ৰাণ ৰক্ষাৰ বাবে সেই পথ অতিক্ৰম কৰিলে মাত্র ৭ ঘণ্টাত। 

বুধবাৰে নিশা শিশুটিক লৈ কান্নুৰ পৰা তীৰুৱনন্থপুৰম আহে এম্বুলেঞ্চৰ থামিম। মাত্র ৭ ঘণ্টাত ৫১৬ কিলোমিটাৰ পাৰ কৰে খামিমে। সৰু সুৰা সমস্যাৰ কাৰণে মাজতে ১৫ মিনিটৰ বিৰদি বাট দিলে সেই পথ অতিক্ৰণ কৰে ৬ ঘণ্টা ৪৫ মিনিটত। অর্থাত্‍‌ গড় গতিবেগ আছিল ৭৬.৪ কিঃ মিঃ/ঘণ্টাত।

বুধবাৰে পাৰিয়াৰাম মেডিকেল কলেজত দায়িত্বত আছিল থামিম, আৰু তাতেই তাক ৩১ দিনিয়া ফাতিমা লাবিয়া নামৰ শিশুটিক তীৰুৱনন্তপুৰমৰ শ্রীচৈতন্য মিছন হস্পিতালত লৈ যোৱাৰ বাবে দায়িত্ব দিয়ে৷ শিশুটিৰ হাৰ্টৰ বেমাৰৰ বাবে শীঘ্ৰেই অস্ত্ৰোপচাৰৰ বাবে যথা সম্ভব তীৰুৱনন্তপুৰমৰ হস্পিতালত নিয়াৰ বাবে কয়।

কিয়নো বিমানেৰেও শিশুটি নিয়া সম্ভৱ নাছিল। বিমানবন্দৰ সেই হস্পিতালৰ পৰা ৩ ঘণ্টাৰ দূৰত্বত আছিল। আনহাতে এয়াৰ এম্বুলেন্সৰো ব্যৱস্থা কৰিবলৈ সময় লাগিব কমেও ৫ ঘণ্টা। সেয়ে বাধ্য হয় পথেৰেই শিশুটি নিয়াৰ ব্যৱস্থা কৰে হস্পিতাল কৰ্তৃপক্ষই।

ৰেকর্ড গঢ়ি সময়ত সফলভাবে গন্তব্যস্থান পালেও ৩১ দিনিয়া ফাতিমা এতিয়াও বিপদ মুক্ত হোৱা নাই৷ শিশুটিৰ অৱস্থা এতিয়াও সংকটজনক বুলি জনায় ডাক্তৰে। ফাতিমা সুস্থ হলেহে সফল হ’ব থামিমৰ ৰুদ্ধশ্বাস প্রচেষ্টা।