ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে জাপানৰ প্ৰধানমন্ত্ৰী শিঞ্জৌ আবেক চত্বাৰুড় দলৰ নেতাৰ বাবে নিৰ্বাচনীত জয়ী হয়৷ যাৰ বাবে দেশৰ সবাতোকৈ দীৰ্ঘকালীন কাৰ্যকালৰ বাবে তেখেতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত থাকিব৷ লগতে সংবিধান শুধৰণি কৰাৰ সপোনো পূৰা হ’ব প্ৰধানমন্ত্ৰীগৰাকীৰ৷ লিবাৰেল ডেমোক্রেটিক পার্টিৰ প্ৰাৰ্থীৰ বাবে থিয় দিয়া আবেয়ে ৫৫৩ ভোট লাভ কৰে৷ আনফালে তেখেতৰ প্ৰতিদ্বন্দী হিচাপে প্ৰাক্তন ৰক্ষা মন্ত্ৰী শিগেৰু ইশিবাই ২৫৪ ভোট লাভ কৰি আবেৰ আগত পৰাজয় বৰণ কৰিব লগা হয়৷

নিৰ্বাচনীত জয় লাভ কৰাৰ স্বতেও তিনি বছৰৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীৰ কাৰ্যকাল বৃদ্ধি হয়৷ দীৰ্ঘদিনৰ বাবে প্ৰধানমন্ত্ৰী পদৰ বাবে নিৰ্বাচনত জয়ী হোৱা আবেক প্ৰথমজন দীৰ্ঘস্থায়ী প্ৰধানমন্ত্ৰী ৰূপত দেখা যাব৷ ইয়াৰ পূৰ্বেই ১৯০১ৰ পৰা ১৯১৩ চনত তিনিবাৰকৈ প্ৰধানমন্ত্ৰী পদৰ অভিলেখ গঢ়িছিল তাৰৌ কাটছুৰা৷ উল্লেখযোগ্য যে এই সপ্তাহতে সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ বৈঠকৰ বাবে আমেৰিকা ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰম্পৰ লগত উচ্চ মৰ্যাদাৰ বৈঠকত অংশ ল’বলৈ জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিউইৰ্কলৈ যোৱাৰ বিষয়ে জানিব পৰা গৈছে৷