newsnexton.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাগপুৰৰ বিজেপি কৰ্মী কমলাকৰ পৱনকৰ আৰু তেওঁৰ পৰিয়ালৰ ৪ গৰাকী সদস্যক আৰাধনা নগৰস্থিত নিজ আৱাসত কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, এই ঘটনা সংঘটিত হয় দেওবাৰে নিশা৷ হত্যাকাৰীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে পৰিয়ালটোৰ হত্যা কৰে৷ আনহাতে বাসগৃহৰ আন এটা কোঠালিত কমলাকৰৰ কনিষ্ঠা কন্যা আৰু ভাগিন শুই থকা বাবে হত্যাকাৰীৰ হাতৰ পৰা ৰক্ষা পৰে৷
দুস্কৃতিকাৰীয়ে কমলাকৰ পৱনকৰৰ ওপৰিও তেওঁৰ পত্নী অৰ্চনা পোহনকৰ, মাতৃ মীৰাবাঈ, কন্যা বেদান্তী আৰু ভাগিন কৃষ্ণাক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰি হত্যা কৰে৷
সোমবাৰে পুৱা প্ৰতিৱেশীয়ে এই শিহৰণকাৰী হত্যাকাণ্ডৰ বিষয়ে জানিব পৰাত আৰক্ষীক খবৰ দিয়ে৷ পিছত ঘটনাস্থলীত নাগপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ আনহাতে প্ৰাথমিক তদন্ত চলাই আৰক্ষীয়ে হত্যাকাৰীৰ সংখ্যা দুজন বা তিনিজন বুলি অনুমান কৰিছে৷