গুৱাহাটীঃ যোৱা দেওবাৰে গুৱাহাটী মহানগৰীত উজনি-নামনি, বৰাক উপত্যকাৰ থলুৱা ইছলামধৰ্মীৰ কেবাটাও সংগঠনৰ এখন নাগৰিক সভা অনুষ্ঠিত হয়৷ নাগৰিক সভাখনত অভিনেতা, সাংবাদিক, সাহিত্যিক, শিক্ষাবিদ, বুদ্ধীজিৱী, ব্যৱসায়ী, দল-সংগঠনৰ নেতাৰ লগতে ছাত্ৰ-গৃহিনীও উপস্থিত থাকে৷ সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ তৎপৰতাত অনুষ্ঠিত নাগৰিক সভাত ৰাজনৈতিক-অৰাজনৈতিক দলৰ সৈতে জড়িত খিলঞ্জীয়া ভুমিপুত্ৰ ইছলামধৰ্মীসকলেও অংশ লয়।
নাগৰিক সভাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ NRCত খিলঞ্জীয়া ভুমিপুত্ৰ গৰিয়া-মৰিয়া-দেশী, মইমাল, জোলহা, পাংগাল কাছাৰীৰ লোকসকল প্ৰকৃত বাসিন্দা (Original Inhabitant) হিচাপে অন্তৰ্ভুক্ত কৰাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে৷ খিলঞ্জীয়া ভূমিপুত্ৰ ইছলামধৰ্মীসকলৰ ইতিহাসত এয়াই প্ৰথম খন সভা য’ত সকলোৱে একত্ৰিত হ’য় একেখন মঞ্চত৷ দেওবাৰে সভাখন অনুষ্ঠিত হোৱাৰ পিছতে সংবাদ মাধ্যমত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে৷
শ শ বছৰৰ ইতিহাস বিজড়িত থলুৱা ইছলামধৰ্মীসকলে NRCত প্ৰকৃত বাসিন্দাৰ মৰ্যাদা পাব লাগে বুলি বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ ছচিয়েল মিডিয়াতো এই খবৰে ব্যাপক চৰ্চা লাভ কৰে৷ তাৰ মাজতে জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন ছাত্ৰ নেতা, বুদ্ধিজীৱী অদিপ ফুকনে এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ছচিয়েল মিডিয়া যোগে৷ ফেচবুকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো আপলোড কৰি কেপচন লিখি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ ইছলামধৰ্মী লোকসকলৰ অস্তিত্বৰ সংকটৰ ওৰ পৰিব কেতিয়া বুলি প্ৰশ্ন কৰে৷
১২০৫ চনৰ পৰা ২০১৭ চনলৈ ৮১২ বছৰৰ ইতিহাস। বিভিন্ন স্তৰেৰে ৮১২ বছৰীয়া এই শক্তিশালী ইতিহাস গৰকি অহা গৰিয়া, মৰিয়া, দেশী, জোলহা বুলি পৰিচিত অসমৰ এই ইছলামধৰ্মী লোকসকলৰ অস্তিত্বৰ সংকটৰ ওৰ পৰিব কেতিয়া বুলি প্ৰশ্ন উত্থাপন কৰে অদিপ ফুকনে৷ অসমত অসমীয়া মুছলিম, খিলঞ্জীয়া অসমীয়া মুছলমান বুলি পৰিচিত সকলক ১৯৪৭ৰ পিছৰ পূৰ্ববংগীয় মুছলিম নতুবা ১৯৭১ৰ ২৫ মাৰ্চৰ পিছত অহা বাংলাদেশী মুছলিমৰ লগত একেটা স্তৰত ৰখা উচিত নহয় বুলি উল্লেখ কৰে ফেচবুক পোষ্টটোত ফুকনে।
এই সকলৰ প্ৰকৃত অসমীয়াৰ পৰিচয় বিভ্ৰান্ত কৰিবলৈ অপশক্তিসমূহে চেষ্টা কৰা আমাৰ পৰিলক্ষিত হৈছে। এনআৰচিত ইছলামধৰ্মী অসমীয়াসকলক প্ৰকৃত বাসিন্দা শ্ৰেণীৰ পৰা বঞ্চিত কৰা উচিত নহয়। এই সকল প্ৰকৃত বাসিন্দাই নহয়, প্ৰকৃত অসমীয়া। চৰকাৰে তৎকালে স্থিতি স্পষ্ট কৰি অসমীয়া মুছলমানসকলৰ মৰ্যদাক সন্মান জনাওক। এনআৰচি নিদিষ্ট সময়ত সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো শক্তিয়েই বাধা দিবলৈ ষড়যন্ত্ৰ কৰা উচিত নহ’ব বুলিও কয় অদিপ ফুকনে।
স্মৰ্তব্য যে, ৰাজ্যৰ উজনি-নামনিৰ প্ৰায় ৪২ লাখ খিলঞ্জীয়া ইছলামধৰ্মী ভূমিপুত্ৰ শংকিত হৈ পৰে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত তেওলোকক প্ৰকৃত নাগৰিকৰ মৰ্যদা দিয়া হ’ব নে নাই তাক লৈ শংকিত হৈ পৰে ৪০ লাখ খিলঞ্জীয়া থলুৱা ইছলামধৰ্মী৷ ৰাজ্যৰ খিলঞ্জীয়া ইছলামধৰ্মী গাওঁ সমূহত ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে৷ গৰিয়া মৰিয়া দেশী আদি জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে অধিকাৰৰ বাবে৷ স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷