newsnextone.com গুৱাহাটীঃ যোৱা ১৬টা দিন ধৰি  অৰ্থাৎ ৩০ মে’ পৰ্যন্ত অলপ অলপকৈ পেট্ৰলৰ মূল্য বৃদ্ধি কৰি মঙলবাৰে প্ৰতি লিটাৰত ৮০.৬৬ টকা হয়৷ কিন্তু বুধবাৰে পুৱাই যেন দেশৰ চৰকাৰে বহুত ডাঙৰ খবৰটো দিলে৷

কেৱল ডাঙৰ খবৰটোৱে নহয় যেন জনগণৰ বাবে ডাঙৰ কিবা এটা কৰিলে চৰকাৰে৷ চৰকাৰে পেট্ৰলৰ দাম কমালে৷ লগে লগে ছচিয়েল মিডিয়াত চৰ্চা হ’ল৷ একাংশ লোকে ক’লে ধৈৰ্য ধৰক লাহে লাহে কমি আহিব পেট্ৰলৰ দাম৷ 

আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবেহে দাম বঢ়াইছে চৰকাৰে৷ মোডীয়ে সোনকালে দাম কমাব৷ প্ৰশংসা আৰু আনন্দ দুয়োটাই সমানে কৰা হ’ল৷ কিন্তু অচ্ছে দিন আনিম বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰে কিমান কমালে৷ বুধবাৰে পেট্ৰল আৰু ডিজেলত ১ পইচাকৈ হ্ৰাস কৰা হ’ল৷ 

পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বিশ্বাসক সাৰ্থক কৰি বৃহস্পতিবাৰে পুনৰ পেট্ৰলৰ ৭ পইচা আৰু ডিজেলত ৫ পইচা হ্ৰাস কৰা হয়৷ ইয়াৰ পিছতে একেৰাহে তৃতীয় দিনাও হ্ৰাস পালে পেট্ৰল আৰু ডিজেলৰ মূল্য৷ শুকুৰবাৰে গুৱাহাটীত পেট্ৰল-ডিজেলত ৬ পইচাকৈ হ্ৰাস পায়৷ 

ইয়াৰ দ্বাৰা মূল্যবৃদ্ধিয়ে অশান্ত কৰি তোলা দেশৰ পৰিস্থিতি কিছু পৰিমাণে হ’লেও শান্ত হৈ পৰা পৰিলক্ষিত হয়৷ ১৬ দিন ধৰি একেৰাহে হোৱা মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ পিছত তৃতীয় দিনাও পেট্ৰল মূল্য হ্ৰাস পোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে৷ তথাপি গুৱাহাটীৰ লগতে দেশৰ বিভিন্ন চহৰত পেট্ৰল মূল্য এতিয়াও ৮০ ঘৰ স্পৰ্শ কৰিয়েই আছে৷ 

বুধবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ দামত ১ পইচা হ্ৰাস কৰাৰ পিছত ৮০.৬৫ টকাকৈ উপলব্ধ হয়৷ বৃহস্পতিবাৰে পেট্ৰল মূল্যত পুনৰ ৭ পইচা হ্ৰাস পোৱাত ৮০.৫৮ টকা দৰত মহানগৰীত পেট্ৰল বিক্ৰি হয়৷ শুকুৰবাৰে পেট্ৰল আৰু ডিজেলত পুনৰ ৬ পইচাকৈ হ্ৰাস পোৱাত শুকুৰবাৰে পুৱাৰে পৰা গুৱাহাটীত পেট্ৰল ৮০.৫১ টকাৰ লগতে ডিজেল ৭২.২৫ টকা দৰত বিক্ৰি হয়৷