ডিজিটেল ডেস্কঃ বহু জল্পনা কল্পনাৰ অন্তত বিজেপিয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী ৰূপে বিজয় ৰূপানীৰ নাম ঘোষণা কৰে৷ ৰাজকোটৰ পশ্চিম সমষ্টিৰ পৰা ৫০ হাজাৰ ভোট লাভ কৰি বিজয়ী হৈছিল বিজয় ৰূপানী৷ নিৰ্বাচন পাৰ হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ৰূপে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ নামো চৰ্চালৈ আহিছিল৷

Team Gujarat is fully prepared & committed to fulfill expectations & aspirations of the people from all strata irrespective of their caste, religion, profession or practice. Together we shall head towards #NewIndia. pic.twitter.com/Ax8pkqjr7I
— Vijay Rupani (@vijayrupanibjp) 22 December 2017

 

যদিও সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিজেপি দলে দ্বিতীয় বাৰৰ বাবে বিজয় ৰূপানীক মুখ্যমন্ত্ৰী হিচাপে নাম ঘোষণা কৰে৷ বিজেপিয়ে ৯৯খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে গুজৰাটত৷ কংগ্ৰেছ দলে ৭৭খন আসন লাভ কৰাৰ লগতে অন্যান্যই ৪ খন আসন লাভ কৰে৷ আনহাতে উপ-মুখ্যমন্ত্ৰী নীতিন পাটেলে হৈ থাকিব বুলি ঘোষণা কৰে বিজেপিয়ে৷

নিৰ্দলীয়া প্ৰাৰ্থী ৰতন ৰাথৌৰে বিজেপিক সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে৷ বিজেপি নেতা অৰুণ জেটলীয়ে নাম ঘোষণা কৰি আন লোকৰ নামো মুখ্যমন্ত্ৰী পদৰ বাবে আহিছিল যদিও পৰিষদৰ সদস্যসকলে বিজয় ৰূপানীক বেছি ভোট দিয়ে বুলি কয়৷