যোৰহাটঃ যোৰহাট চহৰত চৰম নিৰাপত্তাহীনতাত ভুগিছে যুৱতীসকলে। বিগত তিনিমাহত দুটাকৈ এনে ঘটনা সংঘটিত হোৱাৰ পিছত সোমবাৰে চহৰখনত পুনৰ ৫জনীয়া যুৱকৰ এটা দলে কাপোৰ খুলি ২ যুৱতীক নিৰ্যাতন চলায়। সন্ধিয়াৰ ভাগত চহৰখনত সংঘটিত হয় এই অঘটন।
প্ৰাপ্ত বাতৰি মতে, বাছৰ পৰা নামি চহৰখনৰ গড়আলিৰ পৰা ৰাজামৈদামলৈ এখন ৰিক্সাৰে গৈ আছিল দুই বাই-ভনী। সেই সময়তে ৫জনকৈ যুৱকে অতৰ্কিতে আহি ৰিক্সাখন ৰখাই দিয়ে। এজন যুৱকে ৰিক্সাখনত আক্ৰমণ চলাই ৰিক্সা চালকজনক মাৰধৰ কৰি এঠাইলৈ টানি নিয়ে। বাকী থকা ৪জন যুৱকে দুজনীয়া দলত ভাগ হৈ যুৱতী দুগৰাকীক আওহতীয়া ঠাইলৈ বলপূৰ্বকভাৱে টানি নিয়াৰ চেষ্টা চলায়।
কিছু সময় এনেদৰে টনা-আজোৰা কৰি আন্ধাৰ ঠাইলৈ নি যুৱতী দুগৰাকীৰ শৰীৰত হাত দিবলৈ অপচেষ্টা কৰে যুৱককেইজনে। যুৱক কেইজনে পেণ্ট খুলি তেওঁলোকৰ ফালে চোঁচা লোৱা বুলিও অভিযোগ কৰে ভূক্তভোগী যুৱতী দুগৰাকীয়ে।
'দুটা ল’ৰাই পেণ্ট খুলি অশ্লীল কথা কৈ মোৰ ওচৰলৈ আহিছিল। মই কোনোমতে ঠেলা মাৰি দৌৰি ৰাস্তালৈ আহি চিঞৰ-বাখৰ কৰো।’-এইদৰে কয় ভয়াৰ্ত যুৱতী দুগৰাকীৰ এগৰাকীয়ে।
'সিহঁতে মোৰ গাত স্পৰ্শ কৰি অশ্লীল ইংগিত দিছিল। মোৰ কাপোৰ ফালি পেলাবলৈকো চেষ্টা চলাইছিল। কিন্তু ভয় নকৰি মই সাহসেৰে প্ৰতি আক্ৰমণ কৰি চিঞৰিছিলো।’-কঁপা কঁপা মাতেৰে কয় আনগৰাকী যুৱতীয়ে।
যুৱতী দুগৰাকীৰ চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হয় অৰ্ধ-শতাধিক স্থানীয় লোক। এনেদৰে স্থানীয় লোকসকল সমবতে হোৱাত সামান্য সাহস পাই যুৱতী দুগৰাকীয়ে পোনে পোনে উপস্থিত হয় যোৰহাট আৰক্ষী থানাত। লগে লগে আৰক্ষীয়ে সেই স্থানলৈ আহি এজন যুৱকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয় যদিও বাকী কেইজনে আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ধৃত যুৱকজনৰ নাম পোনাকণ আলী বুলি জানিব পৰা গৈছে।
নিৰ্যাতন চলাবলৈ চেষ্টা কৰাৰ সময়ত যুৱক কেইজনে এজনে আনজনক মাতোতে ভূক্তভোগী যুৱতী দুগৰাকীয়ে পল আৰু কালাম নাম দুটা শুনিবলৈ পোৱা বুলিও জানিবলৈ দিয়ে। আনহাতে ধৃত যুৱকজনে নিজৰ দোষ স্বীকাৰ কৰিলেও সমগ্ৰ ঘটনাৰ বাবে পলাই সাৰিবলৈ সমৰ্থ হোৱা আন কেইজন যুৱকহে দায়ী বুলি দাবী কৰে।
ঘটনা সন্দৰ্ভত মঙলবাৰে আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যোৰহাট ঢ়াকাপট্টিৰ পৰা গ্ৰেপ্তাৰ কৰা যুৱকজনৰ নাম ৱাছিম হুছেইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে। এই যুৱকজনেও ঘটনাটোৰ সৈতে জড়িত নহয় বুলি কৈ ইয়াৰ আঁৰত আন কোনোবা আছে বুলিহে থানাৰ বাহিৰত লম্ফ-জম্ফ কৰে।
ইফালে চহৰখনত সংঘটিত হোৱা এই ঘটনাই বাৰুকৈয়ে ভবাই তুলিছে সচেতন মহলক। উল্লেখ্য যে কিছুদিন পূৰ্বে শুভলক্ষ্মী নামৰ এগৰাকী কলেজীয়া ছাত্ৰীও এনেদৰে নিৰ্যাতনৰ সন্মুখীন হৈছিল। এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াৰ লগতে সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। কিন্তু এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই কিছু দিন পিছতে পুনৰ সংঘটিত হয় অনুৰূপ ঘটনা। ইয়াৰ পিছত আকৌ এনেধৰণৰ কাণ্ড সংঘটিত হোৱাত উদ্বিগ্ন হৈ পৰিছে চহৰখনৰ যুৱতী-মহিলাসকল।
................................................................................................................................................
First Published: May 15, 2017 23:20 IST, Updated: May 16, 2017 13:44 IST