newsnextone.com | গুৱাহাটীঃ বিহাৰৰ শাসকীয় দল জেডিইউৰ সমৰ্থন বিচাৰি সফল হোৱাৰ পিছত এইবাৰ মহাৰাষ্ট্ৰৰ শক্তিশালী ৰাজনৈতিক দল শিৱসেনাৰ নেতাক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিবলৈ আহ্বান জনালে আঞ্চলিক দল অগপই৷

শনিবাৰে অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত অগপৰ এটা প্ৰতিনিধি দল মহাৰাষ্ট্ৰত উপস্থিত হয়৷ মুম্বাইত শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ থাকৰেক অগপৰ দলটোৱে সাক্ষাৎ কৰে৷ দিল্লীৰ পিছত মহাৰাষ্ট্ৰত উপস্থিত হৈ অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী নাগৰিকত্ব সংশোধনী বিধেয়কক বিৰোধিতা কৰাৰ বাবে শিৱ সেনাক আহ্বান জনায়৷

শিৱসেনাৰ মুৰব্বীক সাক্ষাৎ কৰি বিধেয়ক খন অসমৰ বাবে বিপদজ্জনক বুলি কৈ অসম চুক্তিক নস্যাৎ কৰিব বুলি কয়৷ অসমৰ ভাষা, সংস্কৃতি তথা থলুৱা জনগোষ্ঠীৰ অস্তিত্ব বিপদাপন্ন কৰিব বুলি কৈ এখন পত্ৰ প্ৰদান কৰে৷ অগপই শিৱসেনা দল আৰু দলৰ সাংসদক সংসদত এই বিধেয়কক বিৰোধিতা কৰিবলৈ আহ্বান জনায় উদ্ধৱ থাকেৰক৷

অগপই ৰাষ্ট্ৰীয় পৰ্যায়ত বিধেয়কৰ বিৰুদ্ধে শক্তিশালী জনমত গঢ়াৰ বাবে চেষ্টা চলাই যোৱা বুলি উল্লেখ কৰে। মুম্বাইত দীৰ্ঘ আলোচনাৰ অন্তত বিধেয়কখন বাতিলৰ ক্ষেত্ৰত শিৱসেনা দল আৰু সংসদৰ শক্তিশালী স্থিতি বিচৰা বুলি অগপই উল্লেখ কৰে৷

শিৱসেনাৰ মুৰব্বীজনে সম্পূৰ্ণ ইতিবাচক সঁহাৰি আগবঢ়ােৱা বুলিও কয় অগপৰ সভাপতি অতুল বৰাই। ইয়াৰ লগে লগে সাম্প্ৰতিক প্ৰেক্ষাপটত আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব বৃদ্ধি আৰু প্ৰয়োজনীয়তা সন্দৰ্ভতো আলোচনা কৰা বুলি অগপই উল্লেখ কৰে। আঞ্চলিকতাবাদৰ সবলীকৰণ তথা ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আগন্তুক সময়ত অগপ আৰু শিৱসেনাই মিলি কাম কৰিবলৈ সহমতত উপনীত হ‌োৱা বুলি কয় অগপৰ সভাপতি অতুল বৰাই। অগপৰ সভাপতিৰ সৈতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, মন্ত্ৰী ফণীভূষণ চৌধুৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা০ কমলা কলিতা উপস্থিত আছিল৷

উল্লেখ্য যে, অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত যোৱা ১১ জুনত অসমৰ ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰি ১২ জুনত পুনৰ দিল্লীলৈ উৰা মাৰে অগপৰ বিধায়িনী দলে৷

অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামীয়ে, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পবীন্দ্ৰ ডেকা, ৰেণুপমা ৰাজখোৱা, উৎপল দত্ত, ভবেন ভঁৰালী, সত্যব্ৰত কলিতা আৰু নৰেন সোণোৱালৰ উপস্থিতিত নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি কেন্দ্ৰীয় চৰকাৰক অৱগত কৰে৷ প্ৰথমে ১২ জুনত প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক অগপই মানি নোলোৱাৰ কথা কোৱাৰ লগতে অসমৰ ৰাইজে এই বিধেয়ক মানি নলয় আৰু শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে৷

অসমৰ ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত নকৰিবলৈ ৰাষ্ট্ৰীপতিক আবেদন জনায়৷ ৰাষ্ট্ৰপতিৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰি বিধেয়ক খনে অসমৰ ভাষা, সংস্কৃতি, জনগাঁথনিত কু-প্ৰভাৱ পেলাই অসমীয়াৰ অস্তিত্বৰ প্ৰতি সংকট নমাই আনিব বুলি অৱগত কৰে ৰাষ্ট্ৰপতিক৷