newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ বিৰোধী দলসমূহে যিকোনো কাৰ্য সাধন কৰিবলৈ প্ৰস্তত আছে৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱে সোমবাৰে কয় যে, তেওঁ বহুজন সমাজ পাৰ্টিৰ সৈতে মিত্ৰতা গঠন কৰি নিৰ্বাচনৰ বাবে প্ৰস্ততি চলাব বুলি মন্তব্য কৰে৷ 

তেওঁ কয় যে, বিজেপিৰ বিৰুদ্ধে কৰা নিৰ্বাচনী যুদ্ধত বিৰোধীৰ লগত মিত্ৰতাৰ ভেটি দৃঢ় কৰি ৰাখিবলৈ যদি বিএছপিক পৃথককৈ কিছু আসন দিব লগা হয়, তেন্তে তাৰ বাবেও তেওঁ সাজু আছে৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিএছপিৰ প্ৰধান মায়াৱতীয়ে উত্তৰ প্ৰদেশৰ সৰ্বমুঠ ৮০ খন লোকসভা আসনৰ ৪০ খন বিএছপিয়ে বিছাৰে বুলি মন্তব্য কৰিছিল৷ যাক লৈ প্ৰথম অৱস্থাত অখিলেশ যাদৱ আৰু মায়াৱতীৰ মাজত মত-বিতৰ্কৰ সূত্ৰপাত হোৱা বুলিও বাতৰি প্ৰকাশ হৈছিল৷

আনফালে, যোগী চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা স্বামী প্ৰসাদ মোৰ্য্যই এছপি-বিএছপি মিত্ৰজোটৰ বিষয়ে ইতিকিং কৰি কয়, ‘মায়াবতী আৰু অখিলেশ যাদৱে ইজনে সিজনৰ সৈতে যুঁজিয়ে পৰাজিত হ’ব৷ তেওঁলোকে কৰা মিত্ৰতা বিষয়ৰ ওপৰত ভিত্তি কৰি নহয়৷ গতিকে এয়া বেছি দিন নিটিকে৷ ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেই দুয়োদলৰ মাজৰ মিত্ৰতা নিশেষ হ’ব৷’

উল্লেখ্য যে, কিছুদিন পূৰ্বে কৈৰানা, গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিত সম্পন্ন হোৱা উপ-নিৰ্বাচনত এছপি, বিএছপি, কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় লোক দলে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈছিল৷ যাৰ ফলত সমষ্টি কেইটাতত বিজেপিয়ে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছিল৷ ৰাজনৈতিক দল কেইটাই ২০১৯ৰ পূৰ্বে পুনৰ মিত্ৰতা স্থাপন কৰি বিজেপিক পৰাভূত কৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে৷