'আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ... এতিয়া আম্বেদকাৰ কোৱাটো ফেশ্বন হৈ পৰিছে। ইমানবাৰ ঈশ্বৰৰ নাম জপ কৰা হ’লে তেওঁলোকে স্বৰ্গ লাভ কৰিলেহেঁতেন...!’ -সংসদৰ মজিয়াত এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষ্য। 

বিৰোধীক সমালোচনা কৰি সংবিধানৰ জনক বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক লৈ এনেদৰে ৰাজ্যসভাৰ মজিয়াত গৃহমন্ত্ৰীৰ দৰে পদত অধিষ্ঠিত অমিত শ্বাহে কৰা মন্তব্যই দেশত ৰাজনৈতিক বিতৰ্কৰ সূচনা কৰিছে। তাকো এই মন্তব্য গৃহমন্ত্ৰীজনে কৰিছে সেই সময়ত, যেতিয়া সংবিধান গৃহীত হোৱাৰ ৭৫ বৰ্ষপূতি উদযাপন কৰি সদনৰ ভিতৰে বাহিৰে সংবিধান ৰক্ষাৰ দম্ভালি মাৰি ফুৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সৰু-বৰ নেতা-পালিনেতাই।

অমিত শ্বাহৰ মন্তব্যক লৈ এতিয়া কেৱল বিৰোধীয়েই সৰৱ হোৱা নাই, সৰৱ হৈ পৰিছে সচেতন মহলো। এয়া এগৰাকী গৃহমন্ত্ৰীয়ে দলিত আৰু নিপীড়িত শ্ৰেণীক কৰা অপমান বুলি ক্ষোভ জাহিৰ কৰিছে বহুতে। ইতিমধ্যে অমিত শ্বাহৰ বিৰুদ্ধে ৰাজ্যই ৰাজ্যই প্ৰতিবাদো সাব্যস্ত হৈছে, এজাহাৰো দাখিল কৰা হৈছে। 

কিন্তু কোন আছিল বাবাচাহেব আম্বেদকাৰ? আজি সমগ্ৰ দেশত আম্বেদকাৰক লৈ সূত্ৰপাত ঘটা বিতৰ্কৰ মাজত প্ৰতিজন ভাৰতীয়ই জনা আছিল আম্বেদকাৰৰ কাহিনী। সকলোৱে উপলব্ধি কৰা উচিত স্বাধীন ভাৰতলৈ আম্বেদকাৰৰ অৱদান। আজি অমিত শ্বাহৰ বক্তব্যৰ সপক্ষে থিয় দিয়া প্ৰত্যেকজনৰ বাবেই আম্বেদকাৰৰ কাহিনী জনাটো নিতান্তই প্ৰয়োজনীয়।

১৯৫৬ চনৰ ৬ ডিচেম্বৰৰ দিনটোতে চিৰবিদায় লৈছিল বাবাচাহেব আম্বেদকাৰে। ভাৰতৰ নিপীড়িত আৰু দুৰ্বল শ্ৰেণীৰ ৰক্ষক ড০ বাবাচাহেব আম্বেদকাৰৰ মৃত্যুৱে এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছিল স্বাধীন ভাৰতত। ড০ বাবাচাহেব আম্বেদকাৰৰ অস্তিত্ব আৰু শিক্ষা ৰক্ষাৰ সংগ্ৰাম, দলিতসকলৰ উত্থানৰ বাবে কৰা প্ৰচেষ্টা আৰু স্বাধীন ভাৰতৰ সংবিধান নিৰ্মাণত তেওঁৰ অৱদান সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে ইতিহাসৰ পাতত।

কিন্তু তেওঁৰ বাবে এই যাত্ৰা সহজ নাছিল। সেই সময়ত বহু ৰোগত আক্ৰান্ত হৈ আছিল আম্বেদকাৰ। ডায়েবেটিছ, ৰক্তচাপ, নিউৰাইটিছ, বাতবিষৰ দৰে ৰোগে ক্ৰমাৎ দুৰ্বল কৰি তুলিছিল তেওঁক। কিন্তু তাৰ পিছতো ৰুগীয়া শৰীৰেৰেই বাবাচাহেবে কৰি গৈছিল সংগ্ৰাম। 

১৯৫৬ চনৰ ৫ ডিচেম্বৰত নিশাৰ শয়নেই আছিল বাবাচাহেবৰ জীৱনৰো শেষ নিদ্ৰা। পিছদিনা পুৱা অৰ্থাৎ ৬ ডিচেম্বৰৰ পুৱা শোৱাপাতিতে প্ৰাণ ত্যাগ কৰিছিল আজীৱন দলিত-নিপীড়িতৰ হকে যুঁজ দিয়া বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰে। 

ৰাজ্যসভাত শেষ দিন

ড০ বাবাচাহেব আম্বেদকাৰৰ অন্তিমটো ৰাজহুৱা অনুষ্ঠান আছিল ৰাজ্যসভাৰ কাৰ্যসূচীত অংশগ্ৰহণ। নৱেম্বৰৰ শেষৰ তিনি সপ্তাহত বাবাচাহেব দিল্লীৰ বাহিৰত আছিল। ১২ নৱেম্বৰত তেওঁ পাটনা হৈ কাঠমাণ্ডুলৈ ৰাওনা হয়। ১৪ নৱেম্বৰত কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল বিশ্ব ধৰ্ম সংসদ।

এই সন্মিলন উদ্বোধন কৰে নেপালৰ ৰজা মহেন্দ্ৰই। নেপালৰ ৰজাই বাবাচাহেবক মঞ্চত কাষতে বহিবলৈ কৈছিল। আগতে কেতিয়াও এনেকুৱা হোৱা নাছিল। ইয়াৰ পৰাই অনুমান কৰিব পাৰি বৌদ্ধ ধৰ্মত বাবাচাহেবৰ সন্মান কি আছিল। কাঠমাণ্ডুৰ বিভিন্ন স্থানত বহু লোকৰ সৈতে সাক্ষাতৰ পাছত ভাগৰুৱা হৈ পৰিছিল বাবাচাহেব।

বাবাচাহেবৰ জীৱনৰ অন্তিম দিনসমূহৰ বিষয়ে লিখি গৈছে তেওঁৰ পত্নী মাইচাহেব আম্বেদকাৰ নামেৰে সুপৰিচিত সবিতা আম্বেদকাৰৰ জীৱনী 'ড০ আম্বেদকাৰাঞ্চা সহবাসত'ত। মাইচাহেবৰ মতে, "ভাৰতলৈ উভতি অহাৰ সময়ত বাবাচাহেবে বৌদ্ধ তীৰ্থস্থান পৰিদৰ্শন কৰিছিল। নেপালৰ মহাত্মা বুদ্ধৰ জন্মস্থান লুম্বিনিলৈ গৈছিল। পাটনাৰ বিখ্যাত অশোক স্তম্ভও চাবলৈ যায় আৰু বোধ গয়াও ভ্ৰমণ কৰিছিল। এই দীঘলীয়া আৰু ক্লান্তিকৰ ভ্ৰমণৰ পিছত যেতিয়া ৩০ নৱেম্বৰত বাবাচাহেব দিল্লীলৈ উভতি আহিছিল, তেতিয়া তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।’

মাইচাহেব আম্বেকাৰে লগতে লিখিছে, ''দিল্লীত আৰম্ভ হৈছিল সংসদৰ শীতকালীন অধিৱেশন। কিন্তু স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বাবাচাহেবে এই অধিবেশনত উপস্থিত থাকিব নোৱাৰিলে। ইয়াৰ পিছত ৪ ডিচেম্বৰত বাবা চাহেবে ৰাজ্যসভাৰ কাৰ্য্যবিধিত অংশগ্ৰহণ কৰিবলৈ জেদ কৰে। বাবাচাহেবৰ লগত ডাঃ মালভাংকৰও আছিল।

তেওঁ বাবাচাহেবৰ স্বাস্থ্য পৰীক্ষা কৰি কয় যে বাবাচাহেবে যদি সংসদৰ কাৰ্য্যবিধিত অংশ ল’ব বিচাৰে তেন্তে তেওঁৰ কোনো আপত্তি নাই। বাবাচাহেব ৪ ডিচেম্বৰত সংসদলৈ গৈছিল। ৰাজ্যসভাৰ কার্যসূচীত অংশগ্রহণ কৰি দুপৰীয়া ঘূৰি আহিছিল৷ দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত তেওঁৰ টোপনি আহিল। এয়া আছিল বাবাচাহেবৰ সংসদৰ অন্তিমটো দিন।’’

মুম্বাইত ধৰ্মান্তৰকৰণ সমাৰোহৰ পৰিকল্পনা

মাইচাহেব আম্বেদকাৰে তেওঁৰ জীৱনীত লিখিছে, "ৰাজ্যসভাৰ পৰা উভতি অহাৰ পিছত বাবাচাহেবে কিছু সময় জিৰণি লৈছিল।" দুপৰীয়া সবিতা আম্বেদকাৰে (মাইচাহেবে) তেওঁক টোপনিৰ পৰা জগাই কফি একাপ দিয়ে। ইয়াৰ পিছতে আলিপুৰ ৰোডৰ ২৬ নং বাংলোৰ লনত বহি কিছু সময় কথা পাতে বাবাচাহেব আৰু মাইচাহেবে। সেই সময়তে নানক চান্দ ৰট্টু তাত উপস্থিত হয়।

১৯৫৬ চনৰ ১৬ ডিচেম্বৰত মুম্বাই (তেতিয়াৰ বম্বে)ত ধৰ্মান্তৰকৰণ সমাৰোহ অনুষ্ঠিত হ’ব লাগিছিল। মুম্বাইৰ নেতাসকলে বিচাৰিছিল যে বাবাচাহেবে মুম্বাইতো নাগপুৰৰ দৰে ধৰ্মান্তৰকৰণ কাৰ্যসূচী আয়োজন কৰক। বাবাচাহেব আৰু মাইচাহেব দুয়োজনেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব লাগিছিল।

কোন আছিল নানক চান্দ ৰট্টু?

নানক চান্দ ৰট্টু আছিল পঞ্জাৱৰ হোছিয়াৰপুৰ জিলাৰ বাসিন্দা। তেওঁ কাম বিচাৰি দিল্লীলৈ আহিছিল আৰু ইয়াতেই ড০ বাবাচাহেব আম্বেদকাৰক লগ পাইছিল। পিছলৈ তেওঁ সদায় নিজৰ ছাঁৰ দৰে বাবাচাহেবৰ লগত থাকে। ১৯৪০ চনত নানক চান্দে বাবাচাহেবৰ সচিব হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। 

নানক চান্দ জীৱনৰ শেষ দিন অৰ্থাৎ ১৯৫৬ চনৰ ৬ ডিচেম্বৰলৈকে বাবা চাহেবৰ সচিব হৈ আছিল। বাবাচাহেবৰ লেখা টাইপ কৰাত নানক চান্দেও সহায় কৰিছিল। পিছত নানক চান্দেও বাবাচাহেবৰ স্মৃতিত দুখন গ্ৰন্থ ৰচনা কৰে। ১৯২২ চনৰ ৬ ফেব্ৰুৱাৰীত নানক চান্দ ৰট্টুৰ জন্ম হয়। ২০০২ চনৰ ৫ ছেপ্টেম্বৰত আশী বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বাবাচাহেবে ১৪ ডিচেম্বৰত ৰট্টুক মুম্বাইলৈ টিকটৰ বিষয়ে সুধিছিল যাতে তেওঁ মুম্বাইত হ’বলগীয়া ধৰ্মান্তৰকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। মাইচাহেবৰ ৰচিত জীৱনী অনুযায়ী বাবাচাহেবৰ দুৰ্বল স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক বিমানেৰে মুম্বাইলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ পিছত বাবাচাহেবে নানক চান্দ ৰট্টুক বিমানেৰে মুম্বাইলৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ কয়।

"তাৰ পিছত বাবাচাহেবে বহুদিন নানক চান্দ ৰট্টুক কিবা এটা ডিক্টেট কৰি থাকিল। পিছত ৰাতি প্ৰায় ১১:৩০ বজাত বাবাচাহেব শুবলৈ যায় আৰু যিহেতু ইতিমধ্যে বহু ৰাতি হৈছিল, সেয়েহে নানক চান্দ ৰট্টুৱেও নিজৰ বাংলোতে শুই থাকে।" - মাইচাহেবৰ জীৱনীত লিখা আছে এনেদৰে। 

বাবাচাহেবৰ জীৱনৰ শেষ ২৪ ঘন্টা

শেষ মুহূৰ্তলৈকে বাবাচাহেবৰ লগত আছিল মাইচাহেব। জীৱনৰ এই শেষ মুহূৰ্তটোৰ বিষয়ে তেওঁ নিজৰ জীৱনীত বহু বিশদভাৱে লিখিছে। মৃত্যুৰ এদিন পূৰ্বে অৰ্থাৎ ৫ ডিচেম্বৰত পুৱা ৮.৩০ বজাত বাবাচাহেবে সাৰ পাইছিল। মাইচাহেবে চাহৰ ট্ৰে এখন লৈ তেওঁৰ ৰুমলৈ গৈ তেওঁক জগাইছিল। দুয়োজনে একেলগে চাহ খাই থকাৰ সময়তে তাত অফিচলৈ যাবলৈ ওলোৱা নানক চান্দ ৰট্টুও উপস্থিত হয় আৰু তেওঁৱো চাহ খাই গুচি যায়।

মাইচাহেবে বাবাচাহেবক দৈনন্দিন ৰাতিপুৱাৰ কাম-কাজ সম্পন্ন কৰাত সহায় কৰিছিল। ইয়াৰ পিছত তেওঁ তেওঁলোকক ব্ৰেকফাষ্ট টেবুলৰ ওচৰলৈ লৈ আহে। ইয়াৰ পিছত তিনিওজনে অৰ্থাৎ বাবাচাহেব, মাইচাহেব আৰু ডাঃ মালভাংকৰে একেলগে ব্ৰেকফাষ্ট কৰি বাংলোৰ বাৰাণ্ডাত বহি কথা পাতে।

ব্ৰেকফাষ্টৰ পিছত বাবাচাহেবে বাতৰি কাকত পঢ়িবলৈ লয়। ইয়াৰ পিছত মাইছাহাবে তেওঁক ঔষধ আৰু বেজী দিয়ে আৰু তাৰ পিছত কাম শেষ কৰিবলৈ পাকঘৰলৈ যায়। তেতিয়া বাতৰি কাকতখন সামৰি ডা- মালভাংকৰৰ সৈতে কথা পতাত ব্যস্ত হৈ পৰে আম্বেদকাৰ। 

কোন আছিল ডাঃ মালভাংকৰ?

ডাঃ মাধৱ মালভাংকৰ আছিল মুম্বাইৰ এজন বিখ্যাত চিকিৎসক। তেওঁৰ ক্লিনিক আছিল গীৰগাঁৱত। তেওঁ আছিল ফিজিঅ’থেৰাপিৰ বিশেষজ্ঞ চিকিৎসক। ডাঃ মালভাংকৰে এজন সন্মানীয় আৰু বিশেষজ্ঞ ফিজিঅ’থেৰাপিষ্ট হিচাপে সমগ্ৰ মুম্বাইতে খ্যাতি লাভ কৰিছিল। তেওঁ আছিল বাবাচাহেব আম্বেদকাৰৰ ব্যক্তিগত চিকিৎসক আৰু বন্ধু।

চিকিৎসা বিজ্ঞানৰ শিক্ষা সমাপ্ত কৰি মাইচাহেব ডাঃ মালভাংকৰৰ সহকাৰী আৰু কনিষ্ঠ চিকিৎসক হয়। তাতেই বাবাচাহেবক লগ পায় মালভাংকৰে। ১৯৫৬ চনৰ ৫ ডিচেম্বৰত প্ৰায় ১২:৩০ বজাত মাইচাহেবে বাবাচাহেবক দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ মাতে। সেই সময়ত বাবাচাহেবে লাইব্ৰেৰীত বহি পঢ়া-শুনা কৰি আছিল। সেই সময়ত তেওঁ ‘দ্য বুদ্ধা এণ্ড হিজ ধৰ্মা’ নামৰ গ্ৰন্থখনৰ প্ৰস্তাৱনা লিখি আছিল। মাইচাহেবৰ মতে বাবাচাহেবে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতে শুবলৈ যায়।

দিল্লীত মাইচাহেবে নিজৰ ঘৰৰ বজাৰ নিজে কৰিছিল। বাবাচাহেব শুই যোৱাৰ পিছত তেওঁ বজাৰলৈ গৈ খাদ্য সামগ্ৰী আৰু কিতাপ কিনে। মাইচাহেবে সেই সময়ত বজাৰ কৰিবলৈ গৈছিল যেতিয়া বাবাচাহেব সংসদলৈ যায় অথবা শুই থাকে।

আনকি ৫ ডিচেম্বৰত যেতিয়া বাবাচাহেব দুপৰীয়াৰ আহাৰ খাই শুইছিল, তেতিয়াও মাইচাহেব বজাৰ কৰিবলৈ বজাৰলৈ গৈছিল। ৫ ডিচেম্বৰৰ নিশা বিমানেৰে মুম্বাইলৈ গৈ আছিল ডাঃ মালভাংকৰ। মুম্বাইলৈ যোৱাৰ আগতে নিজৰ বাবে কিছু বস্তু কিনিবলৈও মন গৈছিল। সেয়ে ডাঃ মালভাংকৰেও বজাৰ কৰিবলৈ মাইছাহাবৰ লগত বজাৰলৈ যায়।

যিহেতু বাবাচাহেব শুই আছিল, গতিকে তেওঁৰ টোপনি যাতে বিঘ্নিত নহয় তাৰ বাবে কাকো নোকোৱাকৈয়ে বজাৰলৈ গৈছিল মাইছেহেব। তেওঁ আৰু ডাঃ মালভাংকৰ দুপৰীয়া প্ৰায় ২:৩০ বজাত বজাৰলৈ যায় আৰু দুয়োজনে সন্ধিয়া প্ৰায় ৫:৩০ বজাত বজাৰৰ পৰা ঘৰলৈ উভতি আহে। সেই সময়ত বাবাচাহেবৰ বৰ খং উঠিছিল।

পত্নীৰ ওপৰত খং বাবাচাহেবৰ

মাইচাহেবে তেওঁৰ জীৱনীত লিখিছে, "বাবাচাহেবৰ খং উঠাটো নতুন কথা নাছিল। যদি তেওঁৰ কোনো এখন কিতাপ নিজৰ জেগাত নাপায়, বা কলমটো আন ঠাইত থাকে তেন্তে বাবাচাহেবৰ খং উঠিছিল। যদি কোনো সৰু কাম তেওঁৰ ইচ্ছা অনুসাৰে কৰা নহয়, তেতিয়াও তেওঁৰ খং উঠিছিল অথবা যদি কোনো কাম আশা কৰা ধৰণে হৈ নুঠে তেতিয়াও তেওঁৰ প্ৰচণ্ড খং উঠিছিল। বাবাচাহেবৰ খংটো ধুমুহাৰ দৰে আছিল। কিন্তু, তেওঁ খং কিছু সময়ৰ বাবেহে আছিল। যদি তেওঁ বিচৰা কিতাপখন, বহী বা কাগজখন পাই যায়, তেন্তে মুহূৰ্ততে তেওঁৰ খং নাইকীয়া হৈছিল।"

বজাৰৰ পৰা উভতি অহাৰ পিছত মাইচাহেবে পোনে পোনে বাবা চাহাবৰ কোঠালৈ যায়। বাবাচাহেবে ৰৈ আছে বুলি ক’লে। খং শান্ত কৰাৰ পাছত মাইচাহেবে বাবাচাহেবৰ বাবে কফি বনাবলৈ পোনে পোনে পাকঘৰলৈ যায়। ৰাতি আঠ বজাত জৈন পুৰোহিত আৰু তেওঁলোকৰ এটা প্ৰতিনিধি দল বাবাচাহেবক লগ কৰিবলৈ আহে। বাংলোৰ ড্ৰয়িং ৰূমত বাবাচাহেব আৰু সেই প্ৰতিনিধি দলৰ সদস্যসকলৰ মাজত বৌদ্ধ আৰু জৈন ধৰ্মৰ সন্দৰ্ভত আলোচনা হয়।

ড০ আম্বেদকাৰৰ সংগী চাংদেৱ খাইৰমোদে তেওঁৰ ওপৰত ১২ টা খণ্ডত এখন গ্ৰন্থ লিখিছিল। এই ঘটনাৰ বিষয়ে তেওঁ গ্ৰন্থখনৰ দ্বাদশ খণ্ডত লিখিছে যে প্ৰতিনিধি দলটোৱে ৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া জৈন সন্মিলনলৈ বাবাচাহেব আহিব লাগে বুলি ইচ্ছা প্ৰকাশ কৰে। প্ৰতিনিধি দলটোৱে বাবাচাহেবক তালৈ আহি জৈন ধৰ্মৰ ধৰ্মগুৰুসকলৰ সৈতে আলোচনা কৰিবলৈ আহ্বান জনায় যাতে জৈন আৰু বৌদ্ধ ধৰ্মৰ মাজত ঐক্য প্ৰতিষ্ঠা হয়।

'বুদ্ধম শৰণম গশ্চামিঃ'ৰ পাঠ

বাবাচাহেব যেতিয়া জৈন ধৰ্মৰ প্ৰতিনিধিৰ লগত কথা পতাত ব্যস্ত হৈ আছিল, তেতিয়া ডাঃ মালভাংকৰে মুম্বাইলৈ ৰাওনা হৈছিল। যেনেকৈ মাইচাহেবে তেওঁৰ কিতাপখনত লিখিছে যে ডাঃ মালভাংকৰে বাবাচাহেবৰ পৰা মুম্বাইলৈ যাবলৈ অনুমতি লৈছিল আৰু তেওঁ বিমানবন্দৰলৈ ৰাওনা হৈছিল।

অৱশ্যে চাংদেৱ খাইৰমোদে বাবাচাহেবৰ জীৱনীত লিখিছে, ‘ডাঃ মালভাংকৰে মুম্বাইলৈ যোৱাৰ সময়ত বাবাচাহেবক এষাৰ শব্দও কোৱা নাছিল।’ পিছত জৈন ধৰ্মৰ প্ৰতিনিধি দলটোৱেও বাবাচাহেবৰ পৰা অনুমতি লৈ গুচি যায়। বাবাচাহেবে তেওঁক কয়, ‘পিছদিনা (৬ ডিচেম্বৰ)ৰ বাবে সন্ধিয়া মোৰ চেক্ৰেটাৰীৰ পৰা সময় উলিয়াওক। তেতিয়া আমি কথা পাতিম।'

ইয়াৰ পিছত বাবাচাহেবে মনতে ‘বুদ্ধম শৰণম গশ্চামি’ পাঠ কৰিবলৈ ধৰে। মাইচাহেবে লিখিছে যে যেতিয়াই বাবাচাহেবৰ মেজাজ অতি ভাল আছিল, তেতিয়াই তেওঁ বুদ্ধ বন্দনা আৰু কবীৰৰ দোহা পাঠ কৰিছিল। কিছুসময়ৰ পাছত যেতিয়া মাইচাহেবে ড্ৰয়িং ৰুমত প্ৰৱেশ কৰে, তেতিয়া দেখে যে বাবাচাহেবে নানক চান্দ ৰট্টুক ৰেডিঅ’গ্ৰামত বুদ্ধ বন্দনাৰ ৰেকৰ্ড বজাবলৈ কৈছে।

ইয়াৰ পিছত ৰাতিৰ আহাৰ খোৱাৰ সময়ত বাবাচাহেবে নামমাত্ৰহে ভোজন কৰে। তেওঁলোকৰ আহাৰ খোৱাৰ পিছত মাইচাহেবে নিজৰ ভোজন কৰে। সেই সময়খিনিত মাইচাহেবৰ বাবে অপেক্ষা কৰি থাকে বাবাচাহেবে। ইয়াৰ পিছত কবীৰৰ দোহা ‘চলো কবীৰ তেৰা ভৱসাগৰ ডেৰা’ গীতটি উচ্চ সুৰত গাবলৈ ধৰে তেওঁ। পিছত লাখুটিত ভেজা দি দি তেওঁ শোৱনি কোঠালৈ আগবাঢ়ে বাবাচাহেব। তেওঁৰ হাতত আছিল কেইখনমান কিতাপ।

শোৱনি কোঠাৰ ফালে গৈ থাকোঁতে বাবাচাহেবে তেওঁৰ ‘দ্য বুদ্ধা এণ্ড হিজ ধৰ্মা’ নামৰ কিতাপখনৰ প্ৰস্তাৱনাৰ কপি আৰু এছ এম যোশী আৰু আচাৰ্য আত্ৰেক উদ্দেশ্যি লিখা চিঠিও প্ৰদান কৰি নানক চান্দক নিজৰ টেবুলত থৈ দিবলৈ কয়। কাম শেষ কৰি নানক চন্দ ৰট্টুও নিজৰ ঘৰলৈ যায়। আৰু পাকঘৰৰ আধৰুৱা কাম শেষ কৰিবলৈ মাইচাহেবো পাকঘৰলৈ যায়। 

বাবাচাহেবৰ জীৱনৰ শেষ নিদ্ৰা...

মাইচাহেবে নিজৰ আত্মজীৱনীত লিখিছে যে বাবাচাহেবৰ গভীৰ নিশালৈকে পঢ়া-শুনাৰ অভ্যাস আছিল। এবাৰ সোমাই পৰিলে তেওঁ গোটেই নিশাটো কিতাপ পঢ়ি বা লিখা-মেলা কৰি পাৰ কৰিছিল। কিন্তু মাইচাহেবে নিজৰ জীৱনীত লিখিছে যে ৫ ডিচেম্বৰৰ নিশা নানক চান্দ ৰট্টুৱে নিজৰ ঘৰলৈ যোৱাৰ পিছত বাবাচাহেবে পুনৰ ‘দ্য বুদ্ধা এণ্ড হিজ ধৰ্মা’ৰ প্ৰস্তাৱনাত পুনৰ সালসলনি কৰিবলৈ ধৰে।

ইয়াৰ পিছত তেওঁ এছ এম যোশী আৰু আচাৰ্য প্ৰহ্লাদ কেশৱ আত্ৰেৰ উপৰিও ব্ৰাহ্মী সৰকাৰলৈ লিখা তেওঁৰ চিঠিবোৰৰ ওপৰতো আৰু এবাৰ চকু ফুৰায়। ইয়াৰ পিছত সদায় পলমকৈ শোৱাৰ বিপৰীতে সেইদিনা ১১:৩০ বজাতে শুই পৰে।

সেই নিশাটোক লৈ অতি আৱেগিক হৈ মাইচাহেবে লিখিছে যে ৫ ডিচেম্বৰৰ নিশাটোৱেই বাবাচাহেবৰ জীৱনৰ শেষ নিশা হৈ পৰে। ৬ ডিচেম্বেৰ আছিল সেই দিন, যিটো দিনৰ আৰম্ভণি হৈছিল 'সূৰ্যাস্ত’ৰে' 

১৯৫৬ চনৰ ৬ ডিচেম্বৰত মাইচাহেবে প্ৰতিদিনৰ দৰে ৰাতিপুৱা সাৰ পালে। চাহ বনাই তেওঁ ট্ৰেখন লৈ বাবাচাহেবৰ কোঠালৈ তেওঁক জগাবলৈ যায়। তেতিয়া সময় হৈছিল পুৱা ৭:৩০। মাইচাহেবে লিখিছে, “মই কোঠাটোত সোমোৱাৰ লগে লগে দেখিলোঁ যে বাবাচাহেবৰ এখন ভৰি আঠুৱাৰ ওপৰত পৰি আছে। বাবাচাহেবক দুই-তিনিবাৰ মাতিলো। কিন্তু তেওঁৰ শৰীৰত কোনো গতিবিধি নাছিল। মই ভাবিছিলো তেওঁ গভীৰ টোপনি গৈ আছে, গতিকে মই তেওঁক গাত জোকাৰি জগাবলৈ চেষ্টা কৰিলো, কিন্তু...’’

বহু সময় মতাৰ পিছতো যেতিয়া বাবাচাহেব সাৰ নাপালে, তাৰ পিছত মাইচাহেবে কান্দিবলৈ আৰম্ভ কৰে। সেই সময়ত বাংলোত আছিল মাত্ৰ দুজন ব্যক্তি, মাইচাহেব আৰু তেওঁৰ সহায়ক সুদামা। মাইচাহেবে ডাঃ মালভাংকৰলৈ ফোন কৰি কি কৰা উচিত সোধে আৰু ডাঃ মালভাংকৰে বাবাচাহেবক ‘ক’ৰামাইন’ৰ বেজী দিবলৈ কয়। কিন্তু তেতিয়ালৈকে যে বহু পলম হৈ গৈছিল। ইতিমধ্যে বাবাচাহেবৰ মৃত্যুৰ কেইবা ঘণ্টা পাৰ হৈছিল। মাইচাহেবে সুদামাক নানক চান্দ ৰট্টুক মাতি আনিবলৈ কয়। 

সুদামাই গাড়ীখন লৈ নানক চান্দ ৰট্টুক ঘৰৰ পৰা লৈ আনে। ইয়াৰ পিছত সকলোৱে বাবাচাহেবক জীয়াই তুলিবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সকলো ব্যৰ্থ হয়। নানক চান্দ ৰট্টুৱে বাবাচাহেবৰ ঘনিষ্ঠ গুৰুত্বপূৰ্ণ লোকসকলক ফোন কৰি বাবাচাহেবৰ মৃত্যুৰ বিষয়ে অৱগত কৰে। তেতিয়া নানক চন্দ ৰট্টুৱে চৰকাৰী বিভাগ, প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া, ইউএনআই আৰু অল ইণ্ডিয়া ৰেডিঅ’লৈ ফোন কৰি বাবা চাহেবৰ মৃত্যুৰ বিষয়ে অৱগত কৰে।

বনজুইৰ দৰে বিয়পি পৰিল এই শোকাবহ খবৰ

বাবাচাহেবৰ মৃত্যুৰ খবৰটো বনজুইৰ দৰে বিয়পি পৰিল। তেওঁৰ মৃত্যুৰ খবৰ পাই সমগ্ৰ দেশৰ সমৰ্থকসকল স্তম্ভিত হৈ পৰে। সহস্ৰাধিক লোক মিলি দিল্লীৰ ২৬ আলিপুৰ ৰোড বাংলোৰ দিশে আগবাঢ়ে। চাংদেৱ খাইৰমোদে তেওঁৰ আত্মজীৱনীত লিখিছে, ‘মাইচাহেবে বাবাচাহেবৰ শেষ অনুষ্ঠান সাৰনাথত সম্পন্ন কৰিবলৈ জোৰ দি আছিল।’ কিন্তু আত্মজীৱনীত মাইচাহেবে লিখিছে যে ‘তেওঁ মুম্বাইত বাবাচাহেবৰ শেষ অনুষ্ঠান সম্পন্ন কৰিবলৈ কৈছিল’।

কিন্তু পিছত সিদ্ধান্ত লোৱা হয় যে বাবাচাহেবৰ শেষ ৰীতি-নীতি মুম্বাইত কৰা হ’ব। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য মন্ত্ৰী, সংসদৰ দুয়োটা সদনৰ সাংসদ আৰু বাবাচাহেবৰ অনুগামীসকলে ২৬ আলিপুৰ ৰোডত থকা বাংলোটোত সমবেত হ’বলৈ আৰম্ভ কৰে।

জগজীৱন ৰামে বাবাচাহেবৰ নশ্বৰ দেহ মুম্বাইলৈ নিবলৈ বিমানৰ ব্যৱস্থা কৰা হয়। বাবাচাহেবৰ নশ্বৰ দেহ নাগপুৰ হৈ মুম্বাইলৈ লৈ যোৱা হয়। তাৰ পাছত দলিত আৰু নিপীড়িত শ্ৰেণীৰ হকে সংগ্ৰাম কৰি যোৱা এগৰাকী মহান ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়াৰ সাক্ষী হৈ পৰে মুম্বাই।