newsnextone.com | ডিজিটেল ডেস্কঃ চৰকাৰে ইচ্চাছকৃ ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘূ-ভাষীক সংখ্যালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে বুলি দেশৰ বিৰোধী দলে অভিযোগ উত্থাপন কৰি সদন উত্তাল কৰাৰ লগতে সংসদ ভৱন চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ আটাইকেইটা বিৰোধী দলে প্ৰতিবাদ সাব্যস্ত কৰি এইসকল লোকক হাৰাশাস্তি নকৰি ন্যায় প্ৰদানৰ লগতে সংশোধনী বিধেয়ক আনিবলৈ দাবী জনায়। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, আৰজেডি, বিএছপি, জিডিএছ, টিডিপি, আপৰ সাংসদে সংসদ ভৱন চৌহদৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰ্ষাকালীন অধিবেশন উত্তাল কৰি তোলে।

তাৰ মাজতে ৰাজ্যসভাত বিৰোধী দলক তীব্ৰ আক্ৰমণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কথা ৰাজ্য সভাৰ সাংসদ অমিত শ্বাহে। অমিত শ্বাহে অসম চুক্তি অনুসৰি এনআৰচি উন্নীতকৰণ কৰা হৈছিল বুলি কয়। শ্বাহে কয় যে ১৯৮৫ চনত ৰাজীৱ গান্ধীয়ে স্বাক্ষৰ কৰিছিল অসম চুক্তিৰ। যাৰ দ্বাৰা এনআৰচি কৰা হৈছে। তেওঁলোকে কাৰ্যকৰী নকৰিলে। আমি কৰিছোঁ। কিন্তু কংগ্ৰেছ সাংসদে প্ৰতিবাদ কৰিছে।

শ্বাহে আৰু কয় যে বিজেপিয়ে সাহস দেখুৱাই কাম কৰিছে। অবৈধ বাংলাদেশীক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছে কংগ্ৰেছে। অসমৰ অবৈধ বিদেশী বিষয়ত বহু যুৱক শ্বহীদ হৈছে। ১৪ আগষ্ট ১৯৮৫ চনত ৰাজীৱ গান্ধীয়ে অসম চুক্তি কৰিছিল। এনআৰচি অসম চুক্তিৰ আত্মা। এই চুক্তি মতেই এনআৰচি বনোৱা আৰু অবৈধ বিদেশীক চিনাক্ত কৰাৰ কথা আছিল। কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে চুক্তি কৰিলে কিন্তু কাৰ্যকৰী নকৰিলে। আমাৰ সাহস আছে তাৰ বাবে কাৰ্যকৰী কৰিছোঁ। কংগ্ৰেছ অবৈধ বিদেশীক সমৰ্থন কৰে নেকি প্ৰশ্ন উত্থাপন কৰে শ্বাহে। 

এই তথা অমিত শ্বাহে সদনত উল্লেখ কৰাৰ লগে লগে বিৰোধী তীব্ৰ হৈ হাল্লা কৰিব কৰাত বুধবাৰে পুৱা ১১ বজালৈ ৰাজ্যসভা স্থগিত ৰাখিব লগীয়া হয় অধ্যক্ষই।