ডিজিটেল ডেস্কঃ ৰাজনীতি অবিহনে অচল গণতন্ত্ৰ৷ ৰাজনীতিয়ে মানুহক গণতন্ত্ৰৰ অংশীদাৰ হ’বলৈ সুবিধা প্ৰদান কৰে৷ ৰাজনীতিৰ দ্বাৰা জনগণে নিজেই বাচি লব পাৰে শাসক৷ জনতাক কোনে শাসন কৰিব সেয়া নিৰ্ধাৰণ কৰিবলৈ জনতা নিজেই মালিক৷
এয়া কেৱল ৰাজনীতিৰ দ্বাৰাহে সম্ভৱ৷ ৰাজনীতিৰ সৈতে দেশ-সমাজৰ অৰ্থনীতি, সমাজনীতি, জনগণৰ ভাগ্য জৰিত হৈ থাকে৷ কিন্তু ৰাজনীতি কৰা লোকসকলে কথাবোৰ এনেদৰে ভাবেনে৷ যোৱা কেইটামান বছৰত ভাৰতৰ ৰাজনীতিৰ সৈতে জৰিত হৈ থকা একাংশ লোকক প্ৰত্যক্ষ কৰিলে দেখা যায় যে জনতাৰ সমস্যা, জনতাৰ উন্নয়নৰ পৰিৱৰ্তে কেৱল ক্ষমতাৰ পাছতহে দৌৰা যেন অনুভৱ হয়৷ সেয়া দেশৰ সচেতন মহলে সময়ে সময়ে অভিযোগ উত্থাপন কৰি আহিছে৷
একো একোগৰাকী ৰাজনীতিকে কেৱল ক্ষমতাৰ স্বাৰ্থত নিশাৰ ভিতৰতে ইটো দল এৰি সিটো দলত যোগ দিয়ে৷ কেৱল ইমানে নহয় ক্ষমতাৰ স্বাৰ্থত তৰল কথাৰে ইটো দলে সিটো দলক আক্ৰমণ কৰে৷
গণতন্ত্ৰত বিৰোধীৰো প্ৰয়োজন আছে৷ বিৰোধী অবিহনে শাসকীয় দলে জনবিৰোধী হোৱাৰ আশংকা থাকে৷ চৰকাৰৰ কৰা ভুলক আঙুলিয়াই দিবলৈ বিৰোধীক প্ৰয়োজন হয়৷ শাসক বিৰোধীৰ মাজত সময়ে সময়ে বাক যুদ্ধ হয় যদিও সেয়া মাৰ্জিত হোৱাৰ দৰকাৰ বুলি কৈ আহিছে দেশৰ বিজ্ঞ মহলে৷
কিন্তু শেহতীয়া দেখা যায় যে শাসক-বিৰোধীয় তৰল, সমাজৰ বাবে ক্ষতিকাৰক কথাৰেও ইটো-সিটো দলক আক্ৰমণ কৰে৷ তাৰ মাজতে বিৰোধীক আক্ৰমণৰ সীমা অতিক্ৰম কৰা বুলি অভিযোগ উত্থাপন হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিৰুদ্ধে৷
গণতন্ত্ৰত বিৰোধী দলৰ ভুমিকা কি সেয়া সকলোৱে জানে। অমিত শ্বাহে বিৰোধী দলক কুকুৰ-মেকুৰী, সাপ-ভেকুলী-নেউল বুলি অভিহিত কৰে। ২০১৯ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পুৰ্বে শাসকীয় বিজেপি দলক প্ৰতিহত কৰাৰ বাবে দেশৰ বিৰোধীয়ে মিত্ৰজোঁট গঢ়াৰ ৰণকৌশল ৰচনা কৰা কাৰ্য কটুক্তি কৰি বিৰোধী দলক তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ বিৰুদ্ধে।
বিৰোধী দলক জীৱ-জন্তুৰ সৈতে তুলনা কৰা কাৰ্যক অসন্মানজনক বুলি অভিহিত কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে কয় যে নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহৰ মানসিকতা নিম্নমানৰ। ৰাহুল গান্ধীয়ে কয় যে মোডী-শ্বাহৰ মতে দেশত দুজনেই মানুহ আছে, বাকী সকলো কুকুৰ-মেকুৰী, সাপ-ভেকুলী। শ্বাহৰ এনে মন্তব্যক গাত লগাই নলবলৈও কয় ৰাহুলে। শাসকীয় গেৰুৱা দল বিজেপিৰ মুম্বাইত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশ লৈ সাধুকথাৰ অচিলাৰে অমিত শ্বাহে বিৰোধীক প্ৰকাৰান্তৰে জন্তুৰ সৈতে তুলনা কৰে।
সাধুকথাৰ প্ৰসংগৰে শ্বাহে কয় যে বানপানী আহিলে গছ-গছনি, তৰু-তৃণ সকলো ডুব যায় আৰু বিপদৰ পৰা ৰক্ষা পাবলৈ কুকুৰ-মেকুৰী, সাপ-নেউল সকলোৱে ভাঁহি থকা কলগছত উঠি প্ৰাণৰক্ষাৰ চেষ্টা চলায়। বিৰোধী দলবোৰৰ একগোট হোৱাৰ ৰণকৌশলো তেনে এক ভীতিগ্ৰস্ততাৰ ভিত্তিতেই গঢ়ি উঠিছে বুলি কয় শ্বাহে। বিৰোধী দলবোৰৰ মাজত শংকাৰ একমাত্ৰ কাৰণ নৰেন্দ্ৰ মোডী বুলিও স্পষ্ট কৰে শ্বাহে।