newsnextone.com| ডিজিটেল ডেস্কঃ সোমবাৰে কৰ্ণাটকৰ চৰকাৰ গঠন সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমত শ্বাহে এখন সংবাদ মেল অনুষ্ঠিত কৰি জেডিএছ আৰু কংগ্ৰেছে নিজ নিজ বিধায়কক হোটেলত লুকুৱাই নাৰাখিলে কৰ্ণাটকৰ ফলাফল অইন হলেহেতেন বুলি কয়৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমতি শ্বাহে বিধায়কসকলে নিজ নিজ সমষ্টিত যোৱাৰ সুবিধা পালে তেওঁলোকৰ ফলাফল বেলেগ হলেহেতেন বুলিও কয়৷

বিধায়কসকলে নিজ সমষ্টিৰ ৰাইজৰ মত জানিব পাৰিলে জেডিএছ আৰু কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ সৈতে আহিল হেতেন৷ আমাৰ বিৰুদ্ধে বিধায়ক কিনা বুলি অভিযোগ উত্থাপন কৰা কংগ্ৰেছে সকলোৱেই শেষ কৰি পেলাইছে৷ বিধায়কক আৱদ্ধ নকৰিলে জনগণে বুজাই দিলে হেতেন৷

এয়া বিজেপিৰ পৰাজয়বৰণ নহয় এয়া ফলাফল কংগ্ৰেছৰ বিৰুদ্ধে আছিল৷ ১৩ খন আসনত আমি কম ভোটত পৰাজয়বৰণ কৰিছো৷ মাথো ৮ খন আসনত আমি পিছ পৰি ৰৈছো কিন্তু ইমান আসন লাভ কৰাটো বহু ডাঙৰ কথা বুলি কয় শ্বাহে৷