গুৱাহাটীঃ অবশেষত দেওবাৰে আমবাৰিলৈ আহি আনুষ্ঠানিক ভাৱে অগপ দলত যোগদান কৰিলে একালৰ মাক্সবাদী নেতা ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই৷ ৰাজ্যৰ আগশাৰীৰ কমিউনিষ্ট নেতাগৰাকীয়ে যোৱা প্ৰায় ডেৰটা বছৰ চিপিআইএমৰ পৰা আতৰি আছিল যদিও যোৱা কিছুদিনৰ পৰা পুনৰ ৰাজনীতিৰ পথাৰত নামটো চৰ্চালৈ আহে৷ যোৱা ০৮ ফেব্ৰুৱাৰীত অগপৰ যুৱ নেতা তথা কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই অনন্ত ডেকাক ৰঙিয়াৰ বাসগৃহত সাক্ষাৎ কৰিছিল৷

তাৰ পিছতে প্ৰতিচ্ছবি খন স্পষ্ট হৈ পৰিছিল অনন্ত ডেকা যে অগপলৈ আহিব। কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে অনন্ত ডেকাৰ ৰঙিয়াৰ বাসগৃহত উপস্থিত হৈ এঘন্টা সময় গুৰুত্বপূৰ্ণ গোপন আলোচনাত মিলিত ৰঙিয়া গড়কাপ্তানী বিভাগৰ বাংলাত অগপ দলৰ কৰ্মকৰ্তাৰ সৈতে আলোচনাত মিলিত হৈ ঘোষণা কৰিছিল অনন্ত ডেকা অগপলৈ অহাৰ কথা৷ তাৰ পিছতে দেওবাৰে পুৱাই অনন্ত ডেকা অগপৰ কাৰ্যালয়লৈ আহে৷

কেইবাগৰাকী সতীৰ্থৰ সৈতে অগপৰ কাৰ্যালয়লৈ আহি প্ৰথমে অগপৰ সভাপতি অতুল বৰা, উপ-সভাপতি কেশৱ মহন্তক সাক্ষাৎ কৰে৷ তাৰ পিছতে কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা এখন সভাত অনন্ত ডেকা আৰু আন এগৰাকী সতীৰ্থ ভূপেন দাসক গামোচা পিন্ধাই অতুল বৰাই আদৰণি জনাই অগপ দললৈ৷ ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাৰ সৈতে আন কেইবাগৰাকী কৰ্মীয়ে অগপত যোগদান কৰে৷ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন মন্ত্ৰী কমলা কলিতা, বিধায়ক সত্যব্ৰত কলিতা, উৎপল দত্ত আদি উপস্থিত থাকে৷ আনহাতে ৰঙিয়াৰ বহু অগপ নেতা-কৰ্মী অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷

তিনিটা দশকৰো অধিক কাল ৰাজ্যৰ বামপন্থী ৰাজনীতিত দপদপাই থকা বাকপটু, সংগ্ৰামেৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অনন্ত ডেকাই প্ৰায় এবছৰ পূৰ্বে চি পি আই এম দলে সকলো বিষয়বাবৰ পৰা অব্যাহতি দিছিল৷ ৰঙিয়াত সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে তথা অন্যায় অবিচাৰৰ বিৰুদ্ধে সদায় মাত মাতি অহা নেতাগৰাকীয়ে অগপলৈ অহাৰ পিছতেই ৰঙিয়াৰ ৰাজনীতিৰ দৃশ্যপট সলনি হ’ব সেয়া খাটাং হৈ পৰিছে৷

শেহতীয়াভাকৈ ৰাজ্যৰ কেইবাটাও ৰাজনৈতিক দলে তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰি নিজৰ নিজৰ দলত যোগদানৰ বাবে হেঁচা দিছিল যদিও ডেকাই অৱশেষত চৰকাৰৰ অংশীদাৰ দল অগপত যোগদান কৰে৷ অনন্ত ডেকাই অগপত যোগদান কৰাৰ লগে লগে অভিভাৱকহীন হৈ পৰা ৰঙিয়া অগপই এগৰাকী অভিভাৱক লাভ কৰা বুলি চৰ্চা আৰম্ভ হৈছে৷ ৰঙিয়াৰ গৰিষ্ঠ সংখ্যক অগপ নেতা-কৰ্মীয়ে উৎফুল্লিত হৈ পৰে৷ থানেশ্বৰ বড়োক দলৰ পৰা উলিয়াই দিয়াৰ পিছত দলটোত একপ্ৰকাৰ নেতা শূণ্য হৈ পৰিছিল৷