ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত বিগত চাৰিদিন ধৰি অংগনবাড়ী কৰ্মীসকলে অব্যাহত ৰখা প্ৰতিবাদী কাৰ্যসূচীয়ে আজি আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি কৰে৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে জিএনবি ৰোড আবদ্ধ কৰি ৰখাৰ ফলত মহানগৰীৰ বৃহৎ অঞ্চলৰ যাতায়ত ব্যাহত হৈ পৰিছে৷ নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰা প্ৰতিবাদকাৰীসকলৰ ওপৰত বজ্ৰ বাহনেৰে পানী মাৰি ছত্ৰভংগ দিয়াবলগা হয় প্ৰশাসনে৷ 

পাৰিতোষিক বৃদ্ধি কৰাৰ দাবীতে এনেদৰে অংগনবাড়ী কৰ্মীসকলে কৰা প্ৰতিবাদে আজি পাঁচ দিনত ভৰি দিছে৷ আঠ দফীয়া দাবীসম্বলিত পত্ৰ উত্থাপন কৰা অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংস্থাই ৯ মে লৈকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিছে৷

কৰ্মীসকলৰ সামাজিক সুৰক্ষাৰ দিশটো অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰা সংস্থাই অনতিপলমে দাবীসমূহ মানি লোৱাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই আহিছে৷ কিন্তু সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখনে কৰ্মীসকলক ভ্ৰুক্ষেপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদস্থলীত উপস্থিত অংগনবাড়ী কৰ্মীসকলে৷

সৰ্বানন্দ সোণোৱালে বিষয়টো বিবেচনা কৰিব বুলি শেহতীয়াকৈ দিয়া আশ্বাসৰ পিছতে সংস্থা কিছুদিনৰ বাবে ক্ষান্ত হৈ আছিল যদিও কাৰ্যতঃ সেয়া প্ৰতিফলিত নোহোৱাৰ পৰিপ্ৰেক্ষিততেই এনেদৰে প্ৰতিবাদৰ পন্থা ল’বলগা হোৱা বুলি সংস্থাৰ সচিব ইন্দিৰা নেৱাৰে জানিবলৈ দিয়ে৷

ৰাজ্যিক বাজেট অধিৱেশন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱাৰ পিছতে বিষয়টোক লৈ আমোলা আৰু মন্ত্ৰী পৰ্যায়ত কেবাখনো বৈঠক অনুষ্ঠিত কৰা হয় যদিও সমস্যা সমাধানৰ বাট নোলোৱাৰ ফলতে এনেদৰে অংগনবাড়ী কৰ্মীসকল ৰাজপথত নামিবলগীয়া হোৱা বুলি মন্তব্য কৰে নেৱাৰে৷ 

ৰাজ্যত থকা ৬২ হাজাৰ অংগনবাড়ী কৰ্মীৰ সামাজিক সুৰক্ষাৰ দিশটো এনেদৰে অৱহেলা কৰাৰ ফলত শংকাত ভোগা কৰ্মীসকলে এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ শিশুক প্ৰশিক্ষণ দিয়া অংগনবাড়ী কৰ্মীয়ে ৪ হাজাৰ টকা দৰমহা পোৱাৰ বিপৰীতে সহায়িকাগৰাকীয়ে ২ হাজাৰ টকা লাভ কৰি আহিছে৷

এই দৰমহা ক্ৰমে ৫ আৰু ৩.৫ হাজাৰ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে সংস্থাই৷ বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ জুই-ছাই দামৰ সময়ত এনেদৰে নগণ্য দৰমহা দিয়াটো অন্যায় বুলি মন্তব্য কৰে নেৱাৰে৷