ডিজিটেল ৰিপ'ৰ্টঃ 'আজি কিম্মেন খাবি, খা৷ ১০০০-১৫০০-২০০০ কিম্মেন লাগে৷ আজি আমাৰ মালিকে যিয়ে যিমান খাই সিম্মেন দিবা দিছি৷ পেমেন্ট দেওতে পলাম নকাৰে৷ ৰিজাল্ট আহবু, লগা লগ পেমেন্ট ক্লিয়াৰ৷ অ’ দা আজি কি মাৰবো৷’

'বাপা মই জাজ কৰা মতে ফাষ্ট ৰাউণ্ডোত ১৪ আৰু ছেকেণ্ড ৰাউণ্ডোত ৩০ৰ ঘৰত মাৰবা পাৰো৷’

এই কথোপকথন আমাৰ নহয়৷ এই কথোপকথন হ’ল তীৰৰ টিকট বিক্ৰেটা আৰু টিকট কাটোতাৰ৷ কথোপকথন জকাইচুকৰ কোনো গাঁৱৰ নহয়৷ এই কথোপকথন ৰাজ্যৰ ৰাজধানীৰ পৰা মাথো কেই কিলোমিটাৰ নিলগৰ মহানগৰীৰ ভিতৰৰে৷ 

ৰাজহুৱা স্থানত অবৈধ তীৰৰ টিকট বিক্ৰী কৰি আৰক্ষীক ভেঙুচালি কৰিছে তীৰৰ মালিক আৰু তীৰৰ এজেন্টে৷ মুক্ত মনে মহানগৰীৰ বাটে-ঘাটে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই তীৰৰ টিকট বিক্ৰী কৰি আহিছে একাংশ লোকে৷ এনেদৰে কথোপকথন কৰি তীৰৰ টিকট বিক্ৰী কৰি আহিছে মহানগৰীৰ আদাবাৰী বাছস্থানত৷ 

আদাবাৰী বাছস্থানত কেবাখনো দোকানৰ সন্মুখত একাংশ লোকে মুকলিকৈ বিক্ৰী কৰি আহিছে তীৰৰ টিকট৷ হাতত তীৰৰ বহী লৈ মুকলিকৈ এজেন্টবোৰে টিকট বিক্ৰী কৰি ধন ঘটি আহিছে যদিও চকু মুদা কুলিৰ ভাও ধৰি আহিছে মহানগৰ প্ৰশাসনে৷ 

দিন দুপৰতে নামনি অসমৰ বাছ যাত্ৰীসকলৰ সমুখতে মহানগৰীৰ মাজমজিয়াত প্ৰতিদিনে বিক্ৰী কৰি আহিছে তীৰৰ টিকট৷ নামনি অসমৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীকে আদি কৰি হাজাৰ হাজাৰ লোকে আদাবাৰী বাছ আস্থানত গাড়ীত উঠিবলৈ যাই যদিও যাত্ৰীসমূহৰ সন্মুখতে টিকট বিক্ৰী কৰে তীৰৰ এজেন্টসকলে৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া তীৰ খেলৰ জোৱাৰ উঠাৰ লগতে আদাবাৰী বাছস্থানতো তীৰৰ টিকট বিক্ৰীৰ জোৱাৰ উঠিছে। পলকতে ধনী হোৱাৰ বাসনাই এতিয়া গ্ৰাস কৰিছে একাংশ গাড়ীৰ চালক, হেণ্ডিমেন আৰু পাণ দোকানীক৷ দিনৰ দিনটো গাড়ীত যাত্ৰী উঠোৱা-নমোৱা কৰি পোৱা টকাকেইটা গাড়ীৰ কৰ্মচাৰীয়ে তীৰৰ টিকট কাটি শেষ কৰি ঘৰলৈ ওঁঠ চেলেকি যাব লগা হয় বুলি অভিযোগ কৰে একাংশ লোকে৷ এনে কাৰণতে বহুতে এতিয়া আদাবাৰীত অন্য এক Blue Whale গেম চলা বুলিও অভিযোগ কৰিছে।

প্ৰশাসনৰ চকুৰ আগতে এতিয়া নিষিদ্ধ তীৰে বৈধ সদৃশ হৈ পৰিছে। অবৈধ তীৰৰ মাজত এতিয়া ডুব গৈছে ৰাজ্যৰ ৰাজধানী৷ কি মালিগাঁও, কি আদাবাৰী সকলোতে তীৰৰ টিকটৰ উভৈনদী৷ এনে কাৰণতে বহুতে আদাবাৰী বাছ আস্থানত আৰক্ষী থাকিলেও আৰক্ষী নাই বুলিয়েই ধৰা ভাল বুলি মন্তব্য কৰা দেখা গৈছে।