গুৱাহাটীঃ উন্মোচিত হ’ব পাৰে সমগ্ৰ ৰাজ্যতে তোলপাৰ লগোৱা অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নতুন তথ্য। আৰক্ষীয়ে বুধবাৰে এপিএছছি পৰীক্ষা পুনৰাই সহস্ৰাধিক বহী জব্দ কৰাৰ পিছতে কেলেংকাৰীৰ নতুন নতুন মুখ পোহৰলৈ অহাৰ আশংকা প্ৰকট হৈ পৰিছে।

জানিব পৰা মতে, বুধবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গুৱাহাটীৰ খানাপাৰাস্থিত এপিএছছিৰ কাৰ্যালয়টোত ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ হৈছে অতিকমেও ১১৭৫ খন বহী। লগে লগে বহীকেইখন ফৰেনচিকৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি ডিব্ৰুগড় আৰক্ষীয়ে জানিবলৈ দিছে।

অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছাৰৰ নেতৃত্বত ডিব্ৰুগড় আৰক্ষীৰ দলটোৱে ধনৰ বিনিময়ত চাকৰি পোৱাৰ অভিযোগ থকা ২৪১ জন প্ৰাৰ্থীৰ উত্তৰ বহী জব্দ কৰে।

প্ৰাৰ্থীসকলক কাহিলীপাৰা স্থিত ৪ৰ্থ অসম আৰক্ষী বেটেলিনয়লৈ জেৰাৰ বাবে মতা হৈছে। তাতে উত্তৰবহীৰ সৈতে হাতেলিখা নমুনা মিলোৱাৰ পিছতে অনুসন্ধান আৰম্ভ কৰা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছে।