ডিজিটেল ডেস্কঃ অন্ত পৰা নাই অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ নামত টিডিপিৰ সাংসদৰ প্ৰতিবাদ৷ তেলেগু দেশম পাৰ্টিৰ নেতা-কৰ্মী, সাংসদে বিজেপিৰ তথা এনডিএ চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি সংসদৰ ভিতৰে-বাহিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ 

দেওবাৰে তেলেগু দশম পাৰ্টিৰ সাংসদে দিল্লীৰ লোক মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুুখত বিৰোধ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে৷ টিডিপিৰ সাংসদে বিৰোধ প্ৰদৰ্শন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আৰক্ষীয়ে সাংসদসকলক আতৰাই আনিবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে সফল নোহোৱাত দাং কোলাকৈ ধৰি গাড়ীত উঠাই আৰক্ষী থানালৈ নিয়ে৷ সংসদসকলে বিজেপি চৰকাৰৰ বিৰুদ্ধে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে৷ আমাৰ সাংসদক আটক কৰাৰ বাবে আমি গৰিহণা দিছো৷

ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ শাসকীয় দলটোৱে এনডিৰ পৰা ওলাই যোৱাৰ লগতে বিজেপি চৰকাৰৰ পৰাও ওলাই যায়৷ বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত মোডী চৰকাৰৰ পৰা টিডিপিৰ দুজনকৈ মন্ত্ৰীয়ে পদত্যাগ কৰে৷ ইমানৰ পাছতো মোডী চৰকাৰে বিশেষ ৰাজ্যৰ সন্দৰ্ভত প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ 

যোৱা ৫ এপ্ৰিলৰ পৰা টিডপিৰ সাংসদে লোকসভা ভৱনৰ চৌহদত ‘ধৰ্ণা’ অব্যাহত ৰাখিছে৷ ৫ এপ্ৰিলত লোকসভা স্থগিত ৰখাৰ পিছতো নিশা লোকসভাৰ মাৰ্চেলে প্ৰথমে সাংসদসকলক বুজনি দি সদনৰ পৰা উলিয়াই নিয়াৰ চেষ্টা কৰে যদিও সাংসদসকলে কোনো কাৰণত ওলাই যাবলৈ ৰাজি নহয়৷ তাৰ পাছত মাৰ্চেলে দাং কোলাকৈ উলিয়াই আনিবলৈ বাধ্য হয় সাংসদসকলক৷ তাৰ পিছতো প্ৰতিবাদ অব্যাগক ৰাখিছে সাংসদসকলে৷

লোকসভাৰ চেন্ট্ৰেল হ’লৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰখাৰ সময়ত টিডিপিৰ সাংসদ মুৰলী মোহন অসুস্থ হৈ পৰিছিল৷ সাংসদগৰাকীক চিকিৎসালয় ভৰ্তি কৰিব লগা হয়৷
অন্ধ্ৰপ্ৰদেশৰ আঞ্চলিক দল তথা ৰাজ্যখনৰ শাসকীয় দল টিডিপিৰ সাংসদে বিশেষ ৰাজ্য প্ৰদানৰ দাবীত সংসদৰ ভিতৰে-বাহিৰে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ ৫ মাৰ্চত বিৰোধীৰ সাংসদৰ তীব্ৰ হৈ-হাল্লা, প্ৰতিবাদৰ বাবে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে দিনটোৰ বাবে সদন স্থগিত ৰাখে৷ 

কিন্তু দেশৰ আন আন প্ৰান্তৰ বিভিন্ন দলৰ সাংসদসকল সদনৰ পৰা ওলাই আহে যদিও টিডিপিৰ সাংসদসকলে লোকসভাৰ ভিতৰতে অনশনত বহে৷ নিশালৈকে প্ৰতিবাদ সাব্যস্ত কৰাত চিকিৎসা কৰিব লগা হয় সাংসদসকলৰ৷ শুকুৰবাৰে পুৱাৰে পৰা লোকসভাৰ চেন্ট্ৰেল হ’ল অনশনত বহিছিল টিডিপিৰ সাংসদে৷ অধ্যক্ষৰ চেম্বাৰৰ পৰা ওলাই আহি চেন্ট্ৰেল হ’লৰ সন্মুখত ধৰ্ণাত বহে৷ বৃহস্পতিবাৰে নিশাও দুই টিডিপিৰ সাংসদ আনা কাপেল্লে আৰু এম শ্ৰীনিৱাস ৰাওক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল৷

দেওবাৰে প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুখত প্ৰতিবাদ কৰিব অহাৰ সময়তে টিডিপিৰ সাংসদসকলৰ টোঘলক ৰোড আৰক্ষীয়ে উঠাই নিয়ে৷ জানিব পৰা মতে প্ৰধানমন্ত্ৰী আৱাসৰ সন্মুখত শ্ল’গান দিছিল বিশেষ ৰাজ্যৰ দাবীত৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সাংসদসকলক সাক্ষাৎ কৰিবলৈ টোঘলক ৰোড আৰক্ষী থানাত উপস্থিত হয়৷