ডিজিটেল ডেক্সঃGST-এ বিজেপি দল আৰু চৰকাৰক চিন্তাত পেলাই আহিছে৷ খোদ প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্যৰ ব্যৱসায়ীয়ে ৰাজ পথ উত্তাল কৰি আহিছে GSTৰ বিৰুদ্ধে৷ দেশৰ বিভিন্ন প্ৰান্তত GSTৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা দেখা গৈছিল৷ তাৰ পিছতে চৰকাৰ নৰম হ’বলৈ বাধ্য হৈছিল৷ বিমুদ্ৰাকৰণৰ পিছত দেশত GST প্ৰচলন হয়। GST প্ৰচলন হোৱাৰ পিছৰে পৰা দেশৰ আৰ্থিক অৱস্থা বেয়াৰ ফালে ঢাল খোৱাৰ অভিযোগ উত্থাপন হৈছিল।

দেশৰ ব্যৱসায়ী-ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰত জড়িত লোকসকল ক্ৰমান্বয়ে ক্ষোভিত হৈ পৰিছিল। দেশত GSTৰ প্ৰচলন হোৱাৰ পিছতে ব্যাপক সমস্যাত পৰিছিল হাজাৰ হাজাৰ লোক। ২০১৭ বৰ্ষৰ ১ জুলাইত আৰম্ভ কৰা GST-এ হাৰাশাস্তি কৰা বুলি দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছিল। বহু পলমকৈ হলেও বিজেপি চৰকাৰে ব্যৱসায়ী তথা সাধাৰণ লোকক সকাহ দিবৰ বাবে চিন্তা-চিৰ্চা কৰিবলৈ বাধ্য হয় আৰু যোৱা ১০ নৱেম্বৰত বিজেপি চৰকাৰে GSTৰ নীতি-নিয়ম সাল সলনি কৰিবলৈ বাধ্য হৈছিল৷

GST আৰম্ভ হোৱাৰ পিছৰ পৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে বৈঠক অনুষ্ঠিত কৰিছিল যদিও ২৩ সংখ্যক বৈঠকত আশাৰ ৰেঙনি দেখিছিল দেশবাসীয়ে৷ দেশৰ জনসাধাৰণৰ বহু ক্ষোভৰ অন্তত ক্ষোভ নিৰাময় কৰিবলৈ চেষ্টা চলাইছিল অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা। GST সন্দৰ্ভত বিজেপি চৰকাৰে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছেল যদিও বহু চৰ্চিত GST পৰিষদৰ বৈঠক যোৱা ১০ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হৈছিল৷ ২৩ সংখ্যক বৈঠকত অৰুণ জেটলীৰ অধ্যক্ষতাৰ সমিতিয়ে ঐতিহাসিক ৰায় লয়৷

মুঠ ২২৭ বিধ সামগ্ৰীৰ ওপৰত থকা GST কমাই মাত্ৰ ৫০ বিধ সামগ্ৰীৰ ওপৰত হে বাহাল ৰাখে এই কৰ৷ দেশৰ কেইবাখনো ৰাজ্যৰ বহু বিষয়া তথা ৰাজ্য চৰকাৰৰ বহু বিষয়াৰ উপস্থিতিত মহত্বপুৰ্ণ বৈঠক খনতেই বহু প্ৰত্যাশিত সিদ্ধান্ত গ্ৰহণ কৰে৷ GST পৰিষদৰ ২৪ সংখ্যক বৈঠকৰ পিছত পুনৰ GST পৰিষদৰ ২৫সংখ্যক বৈঠকত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷

বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব GST পৰিষদৰ ২৫সংখ্যক  বৈঠক। হ্ৰাস পাব পাৰে ঘৰুৱা, কৃষিৰ সামগ্ৰীকে ধৰি ৭০ বিধতকৈওঁ অধিক সামগ্ৰীৰ GSTৰ হাৰ। চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা সক্ৰিয় কৰিব পৰাকৈ GST বিল সম্পূৰ্ণৰূপে তৈয়াৰ কৰা সন্দৰ্ভত আলোচনা হ’ব বৃহস্পতিবাৰৰ বৈঠকত। GST পৰিষদৰ ২০১৮-২০১৯ৰ বাজেটৰ পূৰ্বেই এই বৈঠক অনুষ্ঠিত হ’ব দিল্লীত।

কেন্দ্ৰীয় বৃত্ত মন্ত্ৰী অৰুণ জেটলীৰ অধ্যক্ষতাত হবলগীয়া এই বৈঠকত GST সংশোধনী আইন সম্পৰ্কেও আলোচনা হ’ব। ২৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া সংসদীয় বাজেটত যাতে GST বিল সংশোধন সম্পৰ্কে যাতে তথ্য দিয়াৰ লগতে মীমাংসা কৰিব পাৰে তাৰ বাবেই বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকত এই সম্পৰ্কে আলোচনা হ’ব।

এই বৰ্ষৰ বাজেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে দেশৰ অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত হ’ব এক প্ৰত্যাহ্বান। বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে প্ৰকাশ কৰিব ১ ফেব্ৰুৱাৰীত বাজেট। উল্লেখ্য যে, সাধাৰণ জনতাৰ কি লাভালাভ হ’ব৷ ১ ফেব্ৰুৱাৰীৰ বাজেট তথা দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৃহস্পতিবাৰৰ এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব।