newsnextone.com | ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ বিৰতিৰ মুৰত বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিবলৈ সাজু অৰুণ জেটলী।বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি ভৱনৰ পৰা পঠোৱা এক নিৰ্দেশনা মৰ্মে অৰুণ জেটলীক বিত্তমন্ত্ৰীৰ দায়িত্ব চম্ভালিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৰাষ্ট্ৰপতিয়ে।

যোৱা তিনি মাহ ধৰি কিডনী ৰোগত আক্ৰান্ত হৈ দীৰ্ঘসময় চিকিৎসাধীন হৈ থকাৰ বাবে এই দায়িত্বৰপৰা বিৰত থাকিব লগা হৈছিল জেটলীয়ে।চলিত বৰ্ষৰ মে মাহৰ পৰা এইমছত ভৰ্তি হৈ আছিল।সেই সময়ৰপৰা বিত্ব মন্ত্ৰালয় চম্ভালিছিল পীয়ুষ গোৱেলে।

কিডনী ৰোগত আক্ৰান্ত হৈ দীৰ্ঘসময় চিকিৎসাধীন হৈ থকা জেটলী বৃহস্পতিবাৰে পুৱাই আহি বিত্ত মন্ত্ৰণালয়ত উপস্থিত হয়।তেওঁক মন্ত্ৰণালয়ৰ উচ্চপদস্থ বিষয়া তথা কৰ্মচাৰীসকলে তেওঁৰ কাৰ্যালয় কক্ষলৈ আগবঢ়াই নিয়ে।