newsnextone.com | ডিজিটেল ডেস্কঃ ৭২ ঘন্টা অতিক্ৰম কৰিলে দিল্লী চৰকাৰৰ ধৰ্ণাই৷ উপ-ৰাজ্যপালৰ আৱাসৰ এটি সাধাৰণ আৰু সৰু অতিথি বহা কোঠাত ৭২ ঘন্টা ধৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু তেওঁৰ মন্ত্ৰীসভাৰ কেইগৰাকীমান মন্ত্ৰীয়ে ধৰ্ণা দি আছে৷ সাধাৰণ কোঠাটোত বহিবলৈ ৰখা দুখন চোফাতে শুই শুই ৰাজ্যপালৰ বাবে ৭২ ঘন্টা ধৰি অপেক্ষা কৰি আছে মন্ত্ৰীকেইগৰাকীয়ে৷ 

ৰাজভৱনৰ বাহিৰত ৰৈ থকা একাংশ কৰ্মীয়ে ধৰ্ণাত বহা মন্ত্ৰীসকলক বাহিৰৰ খবৰ প্ৰদান কৰি থকাৰ লগতে কেতবোৰ সুবিধা প্ৰদান কৰি আছে৷ উল্লেখ্য যে, সোমবাৰে যেতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী আৰু আন দুগৰাকী মন্ত্ৰীয়ে কেইটামান দাবী পূৰণৰ স্বাৰ্থত ৰাজভৱনত প্ৰৱেশ কৰিছিল, তেতিয়া সেয়া মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালৰ এক নাটকৰ বাহিৰে আন একো নহয় বুলি মন্তব্য কৰিছিল৷ কিন্তু এয়া কোনেও ভৱা নাছিল যে ধৰ্ণা প্ৰদৰ্শন কৰা মন্ত্ৰীমণ্ডলে অনিৰ্দিষ্টকালীন ভাৱে এই ধৰ্ণা বৰ্তাই ৰাখিব৷ 

বিগত চাৰিটা দিনে মন্ত্ৰীসকলে গা নুধুৱাকৈ এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি থকা বুলিও বাতৰি প্ৰকাশ পাইছে৷ আনহাতে, টুথপেষ্ট আৰু ব্ৰাছ তেওঁলোকক বাহিৰৰ পৰা যোগান ধৰা হৈছে৷ বহা কোঠাৰ সৈতে সংলগ্ন এটা সাধাৰণ বাথৰুমতে এজনৰ পিছত এজনকৈ মন্ত্ৰীসকলে নিত্য কৰ্ম সমাপন কৰিছে৷ 

ইফালে, মন্ত্ৰীসকলৰ এই ধৰ্ণা কাৰ্যসূচীত অতিষ্ঠ হৈ উপ-ৰাজ্যপাল অনিল বৈজলে বুধবাৰে কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাৱাক সাক্ষাত কৰি ৰাষ্ট্ৰৰ ৰাজধানীখনৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে৷ অৱশ্যে তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে৷

আনফালে, কেজিৰৱালে টুইট যোগে অভিযোগ কৰে যে দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে তেওঁলকোৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ আইএএছ বিষয়াসকলক উচতনি যোগাইছে৷ 

উল্লেখ্য যে, দিল্লীৰ মন্ত্ৰী মণ্ডলে ধৰ্মঘট কাৰ্যসূচী পালন কৰি থকা আইএএছ বিষয়াসকলক নিজৰ কৰ্মলৈ উভটি যাবলৈ নিৰ্দেশ প্ৰদান কৰা আৰু বিগত ৪ মাহে কৰ্মত বাধা প্ৰদান কৰি অহা আইএএছ বিষয়াসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই সোমবাৰৰ পৰা উপ-ৰাজ্যপালৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শন কৰি আছে৷ 

বিজেপি বিধায়ক তথা মুখ্যমন্ত্ৰী আৱাসত ধৰ্ণাত বহা বিজেন্দ্ৰ কুমাৰ গুপ্তাই অভিযোগ উত্থাপন কৰিছে যে, অৰবিন্দ কেজিৰৱালে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ নিজৰ দায়িত্বৰ পৰা পলায়ন কৰিছে৷ তেওঁ কয়ে যে, দিল্লীৰ জনতাৰ বিদ্যুৎ আৰু পানী সমস্যা, নলা-নৰ্দমাৰ চাফাই কাৰ্যৰ সমাধান কৰিব নোৱাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনতাৰ পৰা পলায়ন কৰাৰ মানসিকতাৰে ধৰ্ণা প্ৰদৰ্শন কৰি আছে৷ যাতে সাধাৰম জনতাই নিজৰ সমস্যা পাহৰি মুখ্যমন্ত্ৰীৰ কাৰ্যকলাপত দৃষ্টি নিবদ্ধ কৰে৷ 

বিজেন্দ্ৰ কুমাৰ গুপ্তাই কয়, যদি চৰকাৰ খনেই ধৰ্ণা দি থাকে, তেন্তে কাম কোনে কৰিব? ধৰ্ণা প্ৰদৰ্শন কৰাটো বিৰোধীৰ হে কাম, চৰকাৰৰ নহয় বুলিও মন্তব্য কৰে গুপ্তাই৷