newsnextone.com | ডিজিটেল ডেস্কঃ এআইএমআই প্ৰধান অছাদুদ্দিন ওৱেছীয়ে পুনৰ কংগ্ৰেছক আক্ৰমণ কৰে৷ তেওঁ কংগ্ৰেছক সাম্প্ৰদায়িক দল আখ্যা দি কয়, ‘কংগ্ৰেছে মুছলিমৰ উন্নয়ন হোৱাটো কামনা নকৰে৷ কংগ্ৰেছে কেৱল হিন্দু ভোট লাভৰ বাবেহে কাম কৰে৷ ৰাহুল গান্ধীয়ে যেতিয়া প্ৰণৱ মুখাৰ্জীৰ লগত বৈঠকত মিলিত হ’ল, তেতিয়াই কংগ্ৰেছৰ স্থিতি প্ৰকাশ পালে৷’

প্ৰকৃততে, বুধবাৰে ৰাহুল গান্ধীয়ে আয়োজন কৰা ইফটাৰ পাৰ্টিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ লগতে ১৮ গৰাকী বিৰোধী দলৰ নেতাক আমন্ত্ৰণ জনাইছিল৷ ইফটাৰৰ পিছত ৰাহুল গান্ধীয়ে টুইট কৰি কয়, ‘সুস্বাদু আহাৰ, বন্ধুত্বপূৰ্ণ মনোভাৱ আৰু সুন্দৰ সুন্দৰ সংবাদে এই ইফটাৰ পাৰ্টিক চিৰস্মৰণীয় কৰি ৰাখিব৷’ 

উল্লেখ্য যে, আৰএছএছৰ অনুষ্ঠানত অংশ লোৱাৰ পিছত প্ৰণৱ মুখাৰ্জীয়ে প্ৰথমবাৰৰ বাবে ৰাহুল গান্ধীক সাক্ষাত কৰে৷ তেওঁ আৰএছএছৰ সংস্থাপক হেডগোৱাৰক ভাৰত মাতৃৰ মহান সু-পুত্ৰ বুলি আখ্যা দিছিল৷ যাৰ পিছতে ৰাহুল গান্ধীয়ে প্ৰণৱ মুখাৰ্জীক ইফটাৰ পাৰ্টিৰ বাবে আমন্ত্ৰণ জনাইছিল৷ ৰাহুল গান্ধী আৰু প্ৰণৱ মুখাৰ্জীৰ সাক্ষাতক লৈয়ে ওৱেছীয়ে কংগ্ৰেছক আক্ৰমণ কৰে৷

ওৱেছীয়ে ৰাহুল গান্ধীৰ ইফটাৰ পাৰ্টিক জনবিৰোধী বুলি আখ্যা দিয়ে৷ তেওঁ টুইট যোগে কয়, ‘আৰএছএছৰ মুখ্যকাৰ্যালয়ত ভাষণ প্ৰদান কৰি তাৰ সংস্থাপকক ভাৰত জননীৰ সু-পুত্ৰ আখ্যা দিয়া আৰু জনবিৰোধী ইফটাৰ পাৰ্টিত অংশ লোৱাটো থিকেই আছে, কিন্তু আমাৰ দলে যেতিয়া নিৰ্বাচন খেলে, তেতিয়া তাক কিয় সাম্প্ৰদায়িক আখ্যা দিয়া হয়৷’