newsnextone.com | ডিজিটেল ডেস্কঃ বিবাদস্পষ্ট মন্তব্যৰে সদায় চৰ্চাৰ শীৰ্ষত থকা বিজেপি নেতা বিনয় কাতিয়াৰ পুনৰ এবাৰ চৰ্চালৈ আহিছে৷ ইউনিচেফৰ ব্ৰেণ্ড এম্বেছাদৰ তথা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক লৈ কৰা এক মন্তব্যৰ বাবেই কাতিয়াৰে পুনৰ এবাৰ চৰ্চা লাভ কৰিছে৷
উল্লেখ্য যে, ইউনিচেফৰ শান্তিদূত হিচাপে প্ৰিয়ংকা চোপ্ৰাই সোমবাৰে বাংলাদেশত থকা ৰোহিংগীয়া কেম্পত উপস্থিত হৈছিল৷ প্ৰিয়ংকা চোপ্ৰাই ৰোহিংগীয়া সকলক সাক্ষাত কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈছিল৷ পিছত ৰোহিংগীয়া সকলৰ সৈতে উঠা ফটো নিজৰ ইনষ্টাগ্ৰাম যোগে প্ৰকাশ কৰি এক গম্ভীৰ পোষ্ট কৰিছিল অভিনেত্ৰীগৰাকীয়ে৷
আনফালে, বাংলাদেশৰ কেম্পত থকা ৰোহিংগীয়াসকলক প্ৰিয়ংকা চোপ্ৰাই সাক্ষাত কৰাটো সহজ ভাৱে ল’ব নোৱাৰিলে বিতৰ্কিত নেতা বিনয় কাতিয়াৰে৷
তেওঁ সংবাদমাধ্যমৰ আগত প্ৰিয়ংকা চোপ্ৰাক কটাক্ষ কৰি কয়, ‘‘প্ৰিয়ংকা চোপ্ৰাই ৰোহিংগীয়া সকলৰ বিষয়ে একো নাজানে৷ তেওঁ ৰোহিংগীয়া শৰণাৰ্থী সকলক লগ কৰিব নালাগিছিল৷’’ কাতিয়াৰে পুনৰ কয় যে ৰোহিংগীয়া শৰণাৰ্থী সকলক এই দেশত বাস কৰাৰ অনুমতি দিব নালাগে৷
আনাহাতে যি লোকে ৰোহিংগীয়াসকলক লৈ দুখ প্ৰকাশ কৰে, তেনে লোককো এই দেশত থাকিবলৈ অনুমতি দিব নালাগে বুলিও সংবাদ মাধ্যমৰ আগত বিষ্ফোৰক মন্তব্য কৰে বিনয় কাতিয়াৰে৷
আনফালে প্ৰিয়ংকা চোপ্ৰাৰ বাংলাদেশ ভ্ৰমণৰ পিছতে বিভিন্ন জনে তেওক ছচিয়েল মাধ্যমত তীক্ষ্ন প্ৰশ্ন সোধা পৰিলক্ষিত হয়৷ প্ৰিয়ংকা চোপ্ৰাই দিল্লীলৈ আহিলে কাশ্মীৰি পণ্ডিত সকলৰ কিয় সাক্ষাত নকৰে বুলিও বিভিন্ন জনে প্ৰশ্ন উত্থাপন কৰে৷