ডিজিটেল ডেস্কঃ শনিবাৰে দল এৰাৰ কথা ঘোষণা কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা যশৱন্ত সিনহাই৷ পুত্ৰ বিজেপি দলৰ মন্ত্ৰী হৈ থকাৰ পিছতো জয়ন্ত সিনহাক দলত এৰি বিজেপিৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে শনিবাৰে৷ 

শনিবাৰে বিহাৰৰ পাটনাত অনুষ্ঠিত এটি কাৰ্যসূচীত অংশ লৈ এই কথা ঘোষণা কৰে যশৱন্ত সিনহাই৷ বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক লৈ যোৱা দুটা বছৰে বিসম্বাদ কৰি অহা যশৱান্ত সিনহাই অৱশেষত শনিবাৰে দল এৰাৰ কথা ঘোষণা কৰে৷ 

কেন্দ্ৰীয় চৰকাৰৰ আইনত পৰিণত কৰা জিএছটি, নোটবন্দী, কৃষকৰ আত্মহত্যা, মূল্যবৃদ্ধিকে ধৰি কেইবাটাও বিষয়ক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰি আহিছিল৷ কেৱল ইমানে নহয় বিহাৰৰ সাংসদ তথা বিশিষ্ট অভিনেতা শত্ৰুঘ্না সিনহা নৱজোৎ সিং সিদ্ধু, কীতি আজাদ আদিয়ে বিসম্বাদ কৰি আহিছে দল আৰু চৰকাৰৰ কৰ্মকাণ্ডক লৈ৷ 

ইতিমধ্যে কীতি আজাদক দলৰ পৰা বহিস্কাৰ কৰাৰ লগতে নৱজোৎ সিং সিদ্ধুৱে বিজেপি এৰি কংগ্ৰেছ দলত যোদ দি বৰ্তমান পঞ্জাৱ চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী হৈ আছে৷ শনিবাৰে পাটনাত অনুষ্ঠিত এক সভাত উপস্থিত থাকি বিজপি নেতাগৰাকীয়ে বিজেপি এৰাৰ ইংগিতেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহক কটাক্ষ কৰি কয় যে ভাৰতৰ লোকতন্ত্ৰৰ প্ৰতি সংকট নামি অহা বুলি কয়৷ 

তিনিবাৰকৈ লোকসভাৰ সাংসদ নিৰ্বাচিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘‘মোৰ হৃদয় সদায় দেশৰ হিতৰ বাবে স্পন্দিত হয়৷ মই বহু আগতে নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ পৰা অব্যাহতি লৈছোঁ৷ এতিয়া মই দলীয় ৰাজনীতি ত্যাগ কৰি সন্যাস লব বিচাৰো৷’’

বিজেপি এৰিব খোজাৰ আঁৰত কোনো নতুন ৰাজনৈতিক দল গঠন কৰাৰ অভিসন্ধি নাই বুলি স্পষ্ট কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আজি দেশত যি ঘটি আছে তাৰ বিৰুদ্ধে যদি আমি থিয় নহওঁ তেন্তে দেশৰ ভৱিষ্যত প্ৰজন্মই এদিন আমাক কোনোপধ্যেই ক্ষমা নকৰিব৷ 

উল্লেখ্য যে, যশৱন্ত সিনহাই বিগত দুটা বছৰ ধৰি বিজেপিৰ নীতি-আদৰ্শ আৰু কৰ্মৰ বিৰোধিতা কৰি আহিছে৷ তেওঁ ২০১৬ চনৰ নবেম্বৰত বিজেপি চৰকাৰে নোটবন্দী কৰাৰ কাৰ্যৰো তীব্ৰ বিৰোধিতা কৰিছিল৷ তদুপৰি জিএছটি আইন প্ৰনয়নৰ ক্ষেত্ৰতো তেওঁ প্ৰশ্নৰ অৱতাৰণা কৰিছিল৷  

যশৱন্ত সিনহাই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে ঝৰখাণ্ডৰ হাজিৰাবাদ লোকসভা সমষ্টিৰ পৰা সাংসদ নিৰ্বাচিত হৈছিল৷ তেওঁ বিহাৰৰ প্ৰশাসনিক বিষয়াওঁ আছিল৷ তেওঁ অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ বিত্ত মন্ত্ৰীৰ দায়িত্বত থকাৰ লগতে পূৰ্ব প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ ১৯৯০-৯১ চনৰ চৰকাৰৰ সময়তো বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ যশৱন্ত সিনহাৰ পুত্ৰ জয়ন্ত সিনহা বিজেপিৰ বৰ্তমানৰ চৰকাৰৰ ৰাজ্যমন্ত্ৰী৷