newsnextone.com | গুৱাহাটীঃ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত মঙলবাৰে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে দিল্লীত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে৷ সাক্ষাৎ কালত কেন্দ্ৰীয় গৃহমন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰি এনআৰচিৰ পৰা যাতে প্ৰকৃত ভাৰতীয় বাদ নপৰে আৰু ভাৰতীয়ক হাৰাশাস্তি কৰা নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

এনআৰচিৰ খছৰা প্ৰকাশৰ পিছত যাতে কোনো অবাঞ্চিত পৰিবেশৰ সৃষ্টি নহয় তাৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক ব্যৱস্থা গ্ৰহণৰ লগতে ১৯৭১ চনৰ পিছৰ বিদেশীয়ে যাতে নামত অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ কয় দলটোৱে৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সৈতে সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ৰিপুণ বৰা, সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা সাংসদ সুস্মিতা দেৱ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক ৰেকিবুদ্দিন আহমেদ, নুৰুল হুদা, দ্বিজেন শৰ্মাকে ধৰি প্ৰায় ১৫ জনীয়া কংগ্ৰেছ দলটোৱে গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে।