newsnextone.com | গুৱাহাটীঃ জাতিৰ বিবেক বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোঁহাইক দেওবাৰে ৰাজ্যৰ এটি সাংস্কৃতিক অনুষ্ঠানে ‘অসম গৌৰৱ বঁটা’ৰে সন্মান যাচে৷ যোৰহাটৰ আগশাৰীৰ সাংস্কৃতিক গোষ্ঠী ‘গতি সাংস্কৃতিক গোষ্ঠী’য়ে বুদ্ধিজীৱী গোঁহাইক এই বঁটা প্ৰদান কৰে৷ এখন শৰাই, মানপত্ৰ, এটা স্মাৰক অাৰু নগদ ১০ হাজাৰ টকাৰে বঁটা প্ৰদান কৰা হয়৷

দীৰ্ঘ সময় ধৰি অসমীয়া জাতি তথা ৰাজ্যবাসীৰ বাবে মাত মাতি অহা গোহাঁইক কৰ্মৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰে৷ চৰকাৰৰ জনবিৰোধী নীতি, অন্যায়-অবিচাৰ আৰু খাটিখোৱা, শ্ৰমিক, দৰিদ্ৰৰ হকে মাত মাতি অহা গোহাঁইক সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰদান কৰে৷ বঁটা গ্ৰহণ কৰি ভাষণ প্ৰদান কৰি বিশিষ্ট চিন্তাবিদগৰাকীয়ে জীৱনত বঁটা কম, গতা বেছি খাইছো বুলি কয়৷

ৰাজ্য তথা অসমীয়া জাতিৰ হকে সদায় মাত মাতি অহা জাতিৰ বিবেক স্বৰূপ বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেণ গোহাঁইক গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত প্ৰদান কৰা হয় ‘অসম গৌৰৱ বঁটা’৷ 

জাতিটোৰ বিপদৰ সময়ত সদায় অসমবাসীক সংগ দি জাতি ৰক্ষাৰ হকে সদায় উব্ধুদ্ধ কৰি অহা ড০ হীৰেণ গোহাঁই কেৱল এগৰাকী বুদ্ধিজীৱী হিচাপেই পৰিচিত নহয়৷ তেওঁ অসমীয়াৰ বিবেক স্বৰূপো৷ যাৰ স্বীকৃতি স্বৰূপে যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে ড০ গোহাঁইক ‘অসম গৌৰৱ বঁটা’ প্ৰদানৰ কথা ঘোষণা কৰিছিল৷ 

ড০ হীৰেণ গোহাঁইয়ে ১৯৫৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰে৷ তেওঁ ১৯৫৭ চনত কটন কলেজৰ পৰা আই-এ লাভ কৰে। 

তাৰ পিছত তেওঁ কলিকতাৰ প্ৰেছিডেন্সী কলেজৰ পৰা ইংৰাজী সাহিত্যত সন্মানসহ দ্বিতীয় শ্ৰেণীৰ স্নাতক সন্মান লাভ কৰে। ১৯৬১ চনত তেওঁ ক্ৰিষ্টফাৰ মৰিছৰ তত্ত্বাবধানত ইংলেণ্ডৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি উপাধি লাভ কৰিবলৈ সক্ষম হয়৷

ড০ হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এগৰাকী সু প্ৰতিষ্ঠিত সমলোচকো। তীক্ষ্নধী সমালোচনাই অসমৰ সাহিত্য, ৰাজনীতি, সমাজনীতি আৰু সাংস্কৃতিক দিশলৈ নতুন গতিধাৰা আৰু চেতনাবোধ জগাবলৈ সক্ষম হৈছে। 

বৰ্তমান তেওঁ অসমীয়া জাতিৰ এগৰাকী কাণ্ডাৰীৰ ভূমিকা গ্ৰহণ কৰি প্ৰকৃত গণতন্ত্ৰৰ মূল্যবোধক প্ৰমূল্য দিয়া এগৰাকী প্ৰকৃত গণতান্ত্ৰিক ব্যক্তিৰূপেও অসমৰ সমাজ জীৱনত আখ্যায়িত হৈছে।

ড০ হীৰেন গোহাঁই ৰাজনীতিৰ লগতো জড়িত। তেওঁ ১৯৭০-৭৩ চনলৈ আৰু ১৯৭৯-৮২ চনলৈ চিপিআই (এমএল)ৰ লগতো বিশেষ বিশেষ বিষয়ত সহযোগিতা ৰক্ষা কৰিছিল। সম্প্ৰতি আঞ্চলিকতাবাদ ৰাজনীতিত দৰ্শনক এক জনমুখী আৰু গণতান্ত্ৰিক ৰূপ দিয়াত তেওঁ আত্মনিয়োগ কৰি আহিছে৷ 

ইফালে দেওবাৰে বঁটা গ্ৰহণ কৰি বিশিষ্ট বুদ্ধিজীৱিয়ে ধেমালিৰ চলেৰে অসম চৰকাৰৰ কটাক্ষ কৰা দেখিবলৈ পোৱা যায়৷ ড০ গোহাঁইয়ে কয়, ‘জীৱনত বঁটা কম, গতা বেছিকৈ খাইছো৷’ 

বিশিষ্ট বুদ্ধিজীৱি গৰাকীয়ে কয় চৰকাৰে মোক বঁটা নিদিয়ে৷ মোক চৰকাৰে বঁটা দিয়া মানে ভস্মাসূৰক শিৱই বৰ দিয়াৰ দৰেহে হ’ব৷ মই বঁটাৰ আশাও নকৰো৷ মই মোৰ নিজৰ কাম কৰি যোৱাতহে আগ্ৰহী বুলি কৈ কংগ্ৰেছৰ কাৰ্যকালতো কোনো বঁটা লাভ কৰা নাই বুলি কয়৷

বিশিষ্ট বুদ্ধিজীৱিগৰাকীয়ে বঁটা গ্ৰহণ কৰি উৎফুল্লিত হৈ বঁটা-বাহন কোনো কৰ্মৰ স্বীকৃতি আৰু এই স্বীকৃতি এদিনৰ বাবে হ’লও সকলোৱে আশা কৰে বুলি মন্তব্য কৰে ড০ হীৰেণ গোহাঁইয়ে৷