newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ উন্নয়ন হোৱা বুলি আমি দাবী কৰিব পাৰো৷ দেশৰ উন্নতিও যথেষ্ট হৈছে৷ দেশৰ উন্নয়নে কিমান লোকৰ কল্যাণ সাধন কৰিছে? দেশৰ বেছি সম্পত্তি কেইজনমান মানুহৰ হাতত৷ যিটো দলৰে চৰকাৰ নহওক কিয় সেই কেইজন লোকেই প্ৰাধান্য লাভ কৰে৷ প্ৰাকৃতিক সম্পদৰ পৰা আৰম্ভ কৰি সকলো সম্পদৰ অধিকাৰ তেওঁলোকৰ হাতলৈ যায়৷
মূলত কেইজনমান লোক ধনৱান হয়৷ কিন্তু গ্ৰাম্য এলেকাৰ সাধাৰণ দৰিদ্ৰ পৰিয়ালয়ৰ লোকৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে যায়৷ যাতায়াতৰ বাবে নাথাকে পথ৷ বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা আদি লাভ কৰাটো এক সপোন হৈ ৰয়৷ যাৰ বাবে আজিও চাইকেল, ঠেলাত নতুবা ভাঁৰ বান্ধি ৰোগীক চিকিৎসালয়লৈ নিব লগা হয়৷ গৰীৱ পৰিয়ালৰ কোনো লোকৰ চিকিৎসালয়ত মৃত্যু হলে কান্ধত মৃতদেহ পেলাই ঘৰলৈ লৈ আহিব লগা হয়৷
A pregnant woman from Kotauratla village in Andhra Pradesh's Visakhapatnam district was carried to a hospital on a makeshift cloth stretcher as an ambulance allegedly could not come to pick her up due to bad road connectivity
— ANI Digital (@ani_digital) June 9, 2018
Read @ANI Story | https://t.co/W32iUOsBi9 pic.twitter.com/6E8hqdjVzW
আমি দেশৰ উন্নয়ন হোৱা যিমানে দাবী নকৰো কিয় সেয়া প্ৰকৃততে ফুটুকাৰ ফেনহে৷ যদি দেশৰ গৰীৱ শ্ৰেণীটোৱে কল্যাণ লাভ কৰা নাই তেন্তে ৰাজপথত চলা কেইখন মান বিলাসী গাড়ী, কেইটামান আট্টালিকা প্ৰত্যক্ষ কৰি দেশৰ উন্নতি হোৱা বুলি কব নোৱাৰিম৷ দেশৰ উন্নয়ন হোৱা বুলি তেতিয়া কব পৰা যাব যেতিয়া গৰীৱ পৰিয়ালে শান্তিত জীৱন নিৰ্বাহ কৰিব পাৰিব৷ গৰীৱ পৰিয়ালে কল্যাণ লাভ কৰিব৷ কেতিয়াবা কেতিয়াবা দুই এটা ঘটনাই দেশৰ উন্নয়নৰ আচল ছবিখন উদঙাই দিয়ে৷
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এনে এখন ছবি পোহৰলৈ আহিছে৷ ছবি খনৰ মতে, এগৰাকী প্ৰসূতিক দুগৰাকী লোকে এখন কাপোৰত মেৰিয়াই ভাঁৰ বান্ধি কান্ধত চিকিৎসালয়ৈ নি আছে৷
অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম কোডাউৰতলা নামৰ গাঁৱৰ এগৰাকী গৰ্ভৱতী মহিলাৰ শুকুৰবাৰে প্ৰসৱৰ সময় হৈছিল৷ পৰিয়াল লোকে ১০৮ এম্বুলেন্স সেৱাত ফোন কৰে৷ কিন্তু ৰাস্তা বেয়া হোৱাৰ বাবে এম্বুলেন্স যাব নোৱাৰো বুলি কয়৷ ফলত বিপদত পৰা পৰিয়ালটোৱে গৰ্ভৱতী মহিলাগৰাকীক এখন কাপোৰেৰে বান্ধে৷ এডাল টাঙোনত সোমাই দুয়ো ফালে দুজন লোকে কান্ধত লৈ চিকিৎসালয়লৈ লৈ আহে পৰিয়ালে৷
১০ কিঃ মিঃ পথ এনেদৰেই অতিক্ৰম কৰি চিকিৎসালয় পোৱাৰ পূৰ্বেই ৰাজপথত এখন অ’টোৰিক্সা পোৱাত আন ৪ কিঃ মিঃ পথ অ’টোৰিক্সাত নিয়ে মহিলগৰাকীক৷ বিশাখাপট্টনম কোডাউৰতলা এলেকা অনুসূচীত জাতিৰ লোকৰ এলেকা৷ পথৰ অৱস্থা বেয়া হোৱাৰ লগতে উন্নত চিকিৎসা সেৱাৰ ব্যৱস্থা নাই৷