newsnextone.com | গুৱাহাটীঃ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মঙলবাৰে দেশৰ গৃহমন্ত্ৰীক সাক্ষাৎ কৰে বিজেপিৰ সহযোগী তথা অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই৷ 

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা নেডাৰ বৈঠকত উদাত্ত কণ্ঠে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধাচৰণ কৰিছিল অগপৰ সভাপতি অতুল বৰাই৷ অসমৰ নাগৰিকৰ আৱেগক সন্মান যাচিবলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহক আহ্বান জনায়৷

অতুল বৰাই সিংহ গৰ্জন দি শ্বহীদৰ ত্যাগ আৰু জাতিৰ আৱেগক সন্মান জনাই নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ ৰাইজে মানি নলয় বুলি কয়৷ অগপই দায়িত্ব সহকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে৷ এই আইনে অসম চুক্তিৰ দফা উলংঘন কৰিব৷ অসমৰ মানুহে ৮৫৫ জন শ্বহীদৰ বিনিময়ত অসম চুক্তি ৰূপায়ণ হৈছিল বুলি কয় বৰাই৷ 

তাৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰাৰ বাবে দিল্লীত উপস্থিত হয় এই দুই অগপ নেতা৷ নতুন দিল্লীত উপস্থিত হৈ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাত্‍ কৰি নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি পুনৰ স্পষ্ট কৰে৷

সাক্ষাতকালত নাগৰিকত্ব সংশোধনী বিধেয়ক অসম চুক্তি বিৰোধী বুলি কোৱাৰ লগতে অগপ দলে কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে বুলি জানিব পৰা গৈছে৷ 

খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা, ইণ্ডো-বাংলা সীমান্ত ছীল কৰা, অসম চুক্তিৰ ৰূপায়ন কৰাৰ দাবী জনায়। শীঘ্ৰে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অগপৰ মাজত এখন বৈঠকৰ আয়োজন কৰিবলৈ ৰাজনাথ সিঙক আহ্বান জনাই বুলিও জানিব পৰা যায়।

৬ জনগোষ্ঠীৰ জনজাতিকৰণ, অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় সিঙক। আনহাতে অগপই উত্থাপিত সমস্যাসমূহ সিঙে গুৰুত্ব সহকাৰে লৈ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিয়া বুলিও জনা যায়৷