ডিজিটেল ডেস্কঃ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে দেশৰ বিৰোধীয়ে৷ শুকুৰবাৰে দেশৰ বিৰোধীয়ে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক সাক্ষাৎ কৰি এই বিষয়ে আৰ্জি দাখিল কৰে৷ জানিব পৰা মতে, কংগ্ৰেছ নেতা বিৰোধী দলপতি গোলাম নবী আজাদে শুকুৰবাৰ বিৰোধীৰ বৈঠকৰ অন্তত ৭১গৰাকী সাংসদৰ স্বাক্ষৰ সহ অবিশ্বাস প্ৰস্তাৱৰ আৰ্জি দাখিল কৰে৷ 

ৰহস্যজনক মৃ্ত্যুক আকোৱালি লোৱা চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বিএইচ লোয়াৰ তদন্তৰ আবেদন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে কংগ্ৰেছ আৰু আন আন বিৰোধী দলে শুকুৰবাৰে সষ্টম হৈ পৰে৷ তাৰ পিছতে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক পদৰ পৰা অপসাৰণ দাবীত ৰাজ্য সভাক প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছ, এনচিপি, চিপিআইএম, চিপিআই, এছপি, বিএছপি আৰু মুছলিম লীগে৷

আনহাতে ন্যায়াধীশ লোয়াৰ মৃত্যুৰ তদন্ত দাবী কৰি কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ নেতৃত্বত বিৰোধী দলৰ এটা প্ৰতিনিধি দলে প্ৰথমে ৰাজ্য সভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়৷

ইয়াৰ পূৰ্বে যোৱা ১২ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ চাৰিগৰাকী ন্যায়াধীশে সংবাদ মেল অনুষ্ঠিত কৰি মুখ্য ন্যায়াধীশক অপসাৰণৰ বাবে দাবী কৰিছিল৷ কংগ্ৰেছে এই গোচৰৰ সন্দৰ্ভত ৪গৰাকী ন্যায়াধীশৰ বিৰোধৰ কথা উল্লেখ কৰি শীৰ্ষ আদালতে লোয়াৰ মৃত্যুৰ আবেদন খাৰিজ কৰাত বৃস্পতিবাৰৰ দিনটোক শোকপত্ৰ দিৱস হিচাপে চিহ্নিত কৰে৷