newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰাজনীতিৰ সমস্ত জল্পনা-কল্পনাৰ অৱসান ঘটাই বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব এছ ডি কুমাৰস্বামীয়ে৷ বাংগালুৰুত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব বিৰোধী দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা৷ 

শপত গ্ৰহণ অনুষ্ঠানত বিৰোধী নেতাৰ উপস্থিতি ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত মৰ্চা হিচাপে অনুমান কৰা হৈছে৷ আনহাতে, শপত গ্ৰহণ অনুষ্ঠানত উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ দুগৰাকী দিগ্বজ নেতা মায়াবতী আৰু অখিলেশ যাদৱক প্ৰথম বাৰৰ বাবে একেলগে একেখন মঞ্চত দেখা পোৱা যাব৷

উল্লেখ্য যে, মাৰ্চ মাহত উত্তৰ প্ৰদেশৰ গোৰখপুৰ আৰু ফুলপুৰ লোকসভাৰ আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচন কালত এছপি-বিএছপিয়ে মিত্ৰজোট কৰি বিৰোধি দলক নসাৎ কৰিবলৈ সক্ষম হৈছিল৷ বুধবাৰে দুয়োগৰাকী নেতা বাংগালুৰুত একেখন মঞ্চত উপস্থিত থাকি আগন্তক বৰ্ষত হ’বলগীয়া ৰাজ্যখনৰ সাধাৰণ নিৰ্বাচনত তেওঁলোকৰ দলীয় সংঘাত পাহৰি পুনৰ একজোট হোৱাৰ সংকেট বহন কৰিব বুলি বিভিন্ন জনে মত প্ৰকাশ কৰিছে৷

গোৰখপুৰ-ফুলপুৰৰ উপ-নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ পিছত অখিলেশ যাদৱে ৰাজহুৱা ভাৱে মায়াৱতীৰ প্ৰশংসা কৰিছিল৷ কেৱল এয়াই নহয়, তেওঁ স্বয়ং মায়াৱতীৰ ঘৰত উপস্থিত হৈ মায়াৱতীৰ সতে সাক্ষাত কৰিছিল৷ তাৰ পিছতে মায়াৱতীয়ে এছপি আৰু বিএছপিৰ জোটবন্ধন ২০১৯তো দেখিবলৈ পোৱা যাব পাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷

আনফালে, ২৮ মে’ত উত্তৰ প্ৰদেশৰ কেৰানা-নুৰপুৰত অনুষ্ঠিত হ’বলগীয়া লোকসভা আসনৰ উপ-নিৰ্বাচনত মায়বতী আৰু অখিলেশ যাদৱৰ দল একলগে নাই৷ তেনে পৰিস্থিতিত আগন্তক সময়ত দুই দলৰ মাজত থকা বন্ধুত্ব কিমান দিনলৈ টিকিব সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে৷