গুৱাহাটীঃ ৰাজ্য খনৰ আদিবাসী জনগোষ্ঠীৰ লোকসকল ক্ৰমান্বয়ে ৰাজ্য-কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছে৷ ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমৰ আদিবাসী জনগোষ্ঠীক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি নেৰানেপেৰা প্ৰতিবাদ অব্যাহত ৰাখিছে জনগোষ্ঠীটোৰ লোকসকলে৷

যোৱা ৭টা বছৰেই তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে আদিবাসীসকলে৷ যোৱা ২২ মে’ত হাজাৰ হাজাৰ আদিবাসী লোকে কোকৰাঝাৰত পথ অৱৰোধ কৰি তেওঁলোকৰ দাবী পূৰণৰ দাবী জনাইছিল৷ এটুপি বিশুদ্ধ খোৱাপানী, অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত ককবকাব লগীয়া গৈ অহা জনগোষ্ঠীটোৰ লোকসকলে উত্থাপন কৰি অহা জনজাতিকৰণ, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু জনগোষ্ঠীটোৰ বিদ্ৰোহী সংগঠনৰ দাবী সমূহ পূৰণ কৰাৰ দাবীত পুনৰ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ অসম বন্ধ কাৰ্যসূচী পালন কৰে৷

তাৰ মাজতে, অসমৰ চাওতাল, উৰাও, মুণ্ডা, গড়, খাৰিয়া, চাওঁৰা, কিষাণ, প্ৰজা, বেদিয়া, লহৰা, কোল, ভিল, মিৰ্ধা, মাহাতো, চিক বাড়াই আদি জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ দাবীত তথা আদিবাসী জনগোষ্ঠীৰ অন্যান্য সমস্যা সমাধানৰ দাবীত সোমবাৰে পুৱা ৫ বজাৰ পৰা বন্ধ কাৰ্যসূচী পালন কৰে৷

সোমবাৰে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ ঘোষণা কৰে৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ ৰাজ্য কেইবা খনো জিলাত পৰা পৰিলক্ষিত হৈছে৷ কোকৰাঝাৰ, শোণিতপুৰ, ওদালগুৰি, তিনিচুকীয়া, গহপুৰ আদিৰ লগত উজনিৰ কেইবাখনো জিলাত ঠাই বিশেষে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷ বন্ধৰ সময়ছোৱাত হিংসাত্মক ঘটনাও সংঘটিত হয়৷ ৩৭নং আৰু ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শ-শ গাড়ী-মটৰৰ থিয় দি থাকিব লগা হয়৷ ৰাজ পথলৈ বন্ধৰ সমৰ্থক ওলাই আহি গাড়ীৰ ক্ষতি-সাধন কৰে৷

জনজাতিকৰণ, জনগোষ্ঠীটোৰ বিদ্ৰোহী সংগঠনৰ দাবী সমূহ পূৰণ কৰা, চাহ শ্ৰমিকৰ মজুৰি ৩৫০ টকা কৰা, জনগোষ্ঠীটোৰ লৰা-ছোৱালীৰ জলপানী, স্বাস্থ্য, শিক্ষা, খোৱাপানী আদি দাবী কৰি ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে জনগোষ্ঠীটোৰ লোকসকলে৷ দেশে স্বাধীনতা লাভ কৰা ৭০ বছৰ হ'ল যদিও সমস্যা সমাধান নহ'ল জনগোষ্ঠীটোৰ৷