ফিল'বাৰীঃ সাৱধান ! প্ৰৱঞ্চক চক্ৰই বহু কোটি টকা দিয়াৰ সপোন দেখুৱাব বাৰে আপোনাক। সেই সপোনত মিছাতে ভোল নাযাব। মিছা সপোনত ভোল গলে আপোনাৰ পৰা লুটি নিৱ পাৰে সাঁচতীয়া ধন।যিমানেই দেশত ডিজিটেল ব্যৱস্থাৰ প্ৰসাৰ ঘটিছে সিমানেই যেন ইয়াৰ সুযোগ লৈ গঢ়ি উঠিছে ন-ন প্ৰৱঞ্চক চক্ৰ।
এই চক্ৰটোৰ প্ৰৰোচনাৰ জালত ভৰি দিলেই আপুনি সৰ্বস্বান্ত হোৱাটো খাটাং। বিশেষকৈ এই প্ৰৱঞ্চক চক্ৰটোৱে এতিয়া সহজে টাৰ্গেট কৰি লৈছে অসমবাসীক। নিতৌ ন-ন কৌশল অৱলম্বন কৰি প্ৰৱঞ্চনাৰ জাল পতা এই চক্ৰটোত জড়িত হৈ আছে বহু উচ্চ শিক্ষিত পুৰুষ-মহিলা।
এই সকলৰ অধিকাংশই আপোনাক ফোন কৰি নিজকে প্ৰথমে কোনো বিদেশী প্ৰতিষ্ঠানৰ বিষয়া, কেন্দ্ৰীয় চৰকাৰৰ শুল্ক বিভাগৰ বিষয়া নতুবা কোনো বেংকৰ মূৰৰ্ব্বী হিচাপে পৰিচয় দি কোনো অভিসন্ধি ৰচনা কৰিব।
সেই সকলৰ প্ৰৰোচনাত পৰি আপুনি যদি তেওঁলোকৰ বেংক একাউন্টত ধন জমা কৰে নতুবা আপোনাৰ বেংক একাউন্ট সমন্ধীয় কোনো গোপন তথ্য প্ৰদান কৰে তেন্তে ক্ষন্তেকতে আপুনি বিপদত পৰাটো নিশ্চিত ।