ডিজিটেল ডেস্কঃ ছচিয়েল মিডিয়াৰ জনপ্ৰিয়তাৰ কথা নতুন কৈ কোৱাৰ প্ৰয়োজন নাই। এই মাধ্যম যোগে মানুহে যিকোনোসময়তে বিশ্বৰ যিকোনো ঠাইত সংঘটিত খবৰ লাভ কৰি আহিছে। ইমানে নহয় মানুহে মনৰ অনুভৱ ব্যক্ত কৰাৰ এখন মঞ্চ হৈ পৰিছে ছচিয়েল মিডিয়া।

দুৰ্নীতি, অনীতি, ভ্ৰষ্ট্ৰচাৰৰ কথাও ছচিয়েল মিডিয়াত প্ৰচাৰ হয়। জনমত গঢ়াৰ অন্যতম মাধ্যম হৈ পৰিছে ছচিয়লে মিডিয়া। চিনেমা জগতৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, খেলুৱৈ ৰাজনীতিকৰ পৰা পান দোকানীলৈ এতিয়া সকলোৱে ছচিয়েল মিডিয়াত ব্যস্ত। কিন্তু একাংশ লোকে ছচিয়েল মিডিয়াৰ জৰিয়তে ভুৱা প্ৰচাৰো চলাই আহিছে। 

এই মাধ্যমত মিছা খবৰো অতি সহজে বিয়পাব পাৰি। ইয়াৰ বাহিৰেও যিকোনো লোকৰ ফটোত মনে বিচৰা কথা লিখি চাঞ্চ্যলৰ সৃষ্টি কৰিব পাৰি। বৰ্তমান তেনে এক খবৰ পোহৰলৈ আহিছে যত পঞ্জাৱ আৰক্ষীৰ পোচাক পৰিহীতা এগৰাকী মহিলাৰ ফটোত বিভিন্ন মন্তব্য কৰিছে একাংশ যুৱকে। মহিলা গৰাকীৰ পোচাকত নাম লিখা আছে হৰলীন মান।

প্ৰথমতে মহিলাগৰাকী পঞ্জাৱ আৰক্ষীত এছএছঅ হয়। লগতে বহুতে আৰু আৰক্ষী বিষয়াৰ পোচাকত থকা মহিলাৰ ৰূপ দেখি সন্মোহীত হৈ পৰে। যাৰ পিছতেই বহুতো যুৱকে সুন্দৰী যুৱতীৰ ফটো ছচিয়েল মিডিয়াত আপলোড কৰি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই৷ বৰ্তমান এই ফটো খন হোৱাটছএপ, টুইটাৰ, ফেচবুক আদিত বিয়পি পৰিছে৷ একপ্ৰকাৰ ভাইৰেল হৈ পৰিছে।

একাংশ যুৱকে লিখিছে, 'পঞ্জাৱ আৰক্ষীৰ বিষয়া হৰলীনৰ বাবে গ্ৰেপ্তাৰ হবলৈ সাজু আছো'।ছচিয়েল মিডিয়াত একপ্ৰকাৰ লাইন লাগে আত্মসমৰ্পণ কৰিব বিছৰা যুৱকৰ।বেছি ভাগেই লিখিছে ‘মই আত্মসমৰ্পণৰ বাবে সাজু’। 

কিন্তু ফটোৰ কেইখনৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিবলৈ বেছি সময় নালাগিল। দৰাচলতে, ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ফটো খন কোনো আৰক্ষী বিষয়াৰ নহয়। অভিনেত্ৰী কায়নাত আৰোৰাৰহে৷ অভিনেত্ৰী গৰাকীয়ে এই লুক নিজৰ নতুন বোলছৱি জগ্গা জুন্দইৰ বাবে লৈছিল৷ 

অভিনেত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে গ্ৰেণ্ড মস্তি আৰু খট্টা মিঠাত দেখিবলৈ পোৱা গৈছিল৷ ফটোখন ব্যাপক প্ৰচাৰ হোৱাত কায়নাত আৰোৰাই কয়, 'হাৰলীন নামটো আহিবলগীয়া বোলছবি খনৰ চৰিত্ৰটোৰ নামহে৷ এইখন এখন চিনেমাহে, তেওঁ কোনো পঞ্জাৱ আৰক্ষীৰ বিষয়া নহয়৷'