আব্দুল বাৰেক ,বিহালীঃ  জিনজিয়া চেন্টাৰৰপৰা লালপানী তিনিআলিলৈকে যোৱা পথত থকা পুখুৰী সদৃশ গাঁতসমূহে জলাকলা খুৱাইছে যাত্ৰী পথচাৰীকে ধৰি সাধাৰণ ৰাইজক। ৰাইজৰ এনে দুৰ্দশাৰ কথা শুনিবলৈ আহৰি নাই পৰিৱৰ্তনৰ শ্ল'গান দি দিছপুৰৰ গাদী দখল কৰা পৰিৱৰ্তনকামী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ।

জিনজিয়া চেন্টাৰৰপৰা লালপানী তিনিআলিলৈ যোৱা পথচোৱাক লৈ এতিয়া অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। গড়কাপ্তানি পথটোৰ প্ৰায় ৩ কিঃমিঃ অধিকাংশ স্থানতেই পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত দীৰ্ঘদিন ধৰি জনসাধাৰণে যমৰ যাতনা ভুগি আহিছিল। ৰাইজে এই পথটোৰ মেৰামতিৰ দাবী  জনাইছিল স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্ত  আৰু  জিলা প্ৰশাসনক।

কিন্তু ৰাইজৰ কথাত বিধায়ক তথা  জিলা প্ৰশাসন কিম্বা গড়কাপ্তানি বিভাগৰ গা নলৰিল।
তাৰ পৰিৱৰ্তে, বুধবাৰে  পুৱাৰেপৰা বিশ্বনাথৰ ৰতোৱাৰ উদয় আদিত্য গোস্বামী মালিকানাধীন শৈলজা কনচট্ৰাকচন নামৰ ব্যক্তিগত কোম্পানীটোৱে পথচোৱা মেৰামতি কৰা দেখা গ'ল।

এই দৰে বিনা স্বাৰ্থত পথচোৱা মেৰামতি কৰি জনসাধাৰণৰ প্ৰশংসাৰ পাত্ৰ হ'বলৈ  সক্ষম হৈছে কোম্পানীটো। উল্লেখযোগ্য যে  ইয়াৰ চাৰিদিন পূৰ্বেই কোম্পানীটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৬০ কি:মি: পথ মেৰামতি কৰি ৰাইজৰ ওচৰত ধন্যবাদৰ পাত্ৰ হৈছিল উত্তৰ অসমৰ সকলোৰে পৰিচিত ঠিকাদাৰ উদয় আদিত্য গোস্বামী।